কংগ্ৰেছৰ পৰা নিলম্বিত শ্বেৰমানৰ বিধায়ক পদ খাৰিজ নকৰাত বিধানসভাৰ অধ্যক্ষলৈ উচ্চ ন্যায়ালয়ৰ জাননী...

কংগ্ৰেছৰ পৰা নিলম্বিত শ্বেৰমানৰ বিধায়ক পদ খাৰিজ নকৰাত বিধানসভাৰ অধ্যক্ষলৈ উচ্চ ন্যায়ালয়ৰ জাননী...
Published on
Updated on

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ পৰা নিলম্বিত শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাক লৈ অসম বিধানসভাৰ অধ্যক্ষলৈ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। সোমবাৰে এই সম্পৰ্কীয় আবেদনৰ শুনানি গ্ৰহণ কৰি বিধানসভাৰ অধ্যক্ষ, বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু শ্বেৰমান আলী আহমেদলৈ জাননী জাৰি কৰাৰ লগতে শপতনামা দাখিল কৰিবলৈকো আদালতে নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে যোৱা ২ মে’ত বিধানসভাৰ অধ্যক্ষৰ ওচৰত সংবিধানৰ দশম অনুসূচী অনুসৰি আবেদন দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে ২০২০ চনৰ ২১ জানুৱাৰীত প্ৰদান কৰা ৰায়দান অনুসৰি আবেদন দাখিল কৰা দিনটোৰ পৰা ৩ মাহৰ ভিতৰত বিধানসভাৰ অধ্যক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল যদিও সময় উকলি যোৱাৰ পিছতো কোনো সিদ্ধান্ত গ্ৰহণ নকৰাত ৰকিবুল হুছেইন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰি শপতনামা দাখিলৰ নিৰ্দেশ দিয়াৰ লগতে অহা ২৭ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। গোচৰ বিচাৰাধীন হৈ থকা সময়ছোৱাতে বিধানসভাৰ অধ্যক্ষই ৰকিবুল হুছেইনে দাখিল কৰা আবেদন উক্ত আবেদন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলিও গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰে।

কংগ্ৰেছৰ পৰা নিলম্বিত শ্বেৰমানৰ বিধায়ক পদ খাৰিজ নকৰাত বিধানসভাৰ অধ্যক্ষলৈ উচ্চ ন্যায়ালয়ৰ জাননী...
আপোনাৰ জেপ খালী কৰিব এই চাৰিটা কামে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in