ডিজিটেল ডেস্কঃ চাণক্যৰ কিছু নীতি আছে। যি নীতিয়ে এগৰাকী ব্যক্তিৰ জীৱন কেনেদৰে চলিব লাগে তাৰ দিক নিৰ্দেশনা প্ৰদান কৰে। আপোনাৰ ঘৰত যদিহে সঘনাই কিছুমান নহবলগীয়া ঘটনা ঘটি থাকে, তেন্তে ই আপোনাৰ ঘৰখনত ঋণাত্মক প্ৰভাৱ পেলোৱাৰ লগতে আৰ্থিকভাৱেও বহু বাধাৰ সৃষ্টি কৰিব পাৰে।
চাণক্যৰ নীতি মতে, যদিহে আপোনাৰ ঘৰত হঠাতে তুলসী গছ লেৰেলিবলৈ আৰম্ভ কৰে, তেন্তে জানিব যে ই কোনো বিপদৰ আগজাননী। ঘৰত থকা তুলসী লেৰেলি গ’লে আপোনাৰ ঘৰখনত পাৰিবাৰিক অশান্তিৰ লগতে বিভিন্ন আৰ্থিক সমস্যাই দেখা দিব পাৰে।
যদিহে হঠাতে আপোনাৰ ঘৰৰ সদস্যৰ সৈতে কাজিয়া বৃদ্ধি হয়, তেন্তে ই আপোনাৰ ভৱিষ্যত জীৱনত যথেষ্ট ঋণাত্মক প্ৰভাৱ পেলাব, বিশেষকৈ আৰ্থিক দিশটোৰ ক্ষেত্ৰত। যিখন ঘৰত জ্যেষ্ঠজনক বেয়া ব্যৱহাৰ বা মাত-কথা চলে তেনে ঘৰত আৰ্থিক সমস্যা হোৱাতো ১০০শতাংশ নিশ্চিত বুলি চাণক্য শাস্ত্ৰত উল্লেখ আছে।
চাণক্যৰ মতে, যদিহে আপোনাৰ ঘৰত হঠাতে গ্লাছৰ সামগ্ৰী ভাঙে, তেন্তে ইও এক অশুভ ইংগিত। এনে ইংগিতে আপোনাৰ ভৱিষ্যতে অহা কিছু বিপদ আৰু আৰ্থিক স্থিতিত যে প্ৰভাৱ পেলাব সেই কথা সকিয়াই দিয়ে। গতিকে এই দিশবোৰৰ ক্ষেত্ৰত সদায়েই সচেতন হবলৈ চাণক্যই শাস্ত্ৰত উল্লেখ কৰিছে।