/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/efde61b8-3cda-40d5-b2b6-65647830d6e9/1.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীৰ যুটীয়া অভিযানত প্ৰায় ১০ কোটি মূল্যৰ নিষিদ্ধ হেৰ'ইন আৰু মেথামফেটামাইন টেবলেট জব্দ কৰা হৈছে।
সোমবাৰে মিজোৰামৰ চাম্পাই জিলাৰ জোখোৱাথাৰৰ মেলবুক ৰোডত এখন বাহনত অভিযান চলাই ৪১টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচকেইটাৰ পৰা মুঠ ৪৫৩ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৩.১৭কোটি টকা বুলি জানিবলৈ দিয়ে অসম ৰাইফলছে। হেৰ'ইন সৰবৰাহৰ অভিযোগত এজন ব্যক্তিক আটক কৰা হয়।
আনহাতে,অসম ৰাইফলছ, স্পেচিয়েল নাৰ্কোটিক পুলিচ আৰু চিআইডিয়ে যুটীয়া অভিযান চলাই আইজলৰ মুলপুইকাউন এলেকাৰ পৰা ২০হাজাৰ মেথামফেটামাইন টেবলেট জব্দ কৰে। ১.৯০৮ কেজি ওজনৰ টেবলেট খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৬.৬৬ কোটি টকা। টেবলেট সৰবৰাহৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
Also Read: মঙলদৈত উন্নয়ন বিষয়াক পহৰাদাৰীৰ আক্ৰমণ...