মঙলদৈত উন্নয়ন বিষয়াক পহৰাদাৰীৰ আক্ৰমণ...

মঙলদৈত উন্নয়ন বিষয়াক পহৰাদাৰীৰ আক্ৰমণ...

author-image
Asomiya Pratidin
New Update
টকা লোৱাৰ আগত সাৱধানঃ লাখে লাখে ওলাইছে নকল টকা...

agrani khabar

ডিজিটেল সংবাদ, মঙলদৈঃ সোমবাৰে নিশা মঙলদৈৰ নিকটৱৰ্তী মুদৈবৰীত পহৰাদাৰীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই অভিযোগ কৰিছে ভাৰতীয় জীৱন বীমা নিগমৰ উন্নয়ন বিষয়া(Development Officer) কিশোৰ কুমাৰ কলিতাৰ।

Advertisment

মঙলদৈ শাখাৰ ভাৰতীয় জীৱন বীমা নিগমৰ উন্নয়ন বিষয়া কিশোৰ কুমাৰ কলিতাই সোমবাৰে নিশা ১১-৩০ মান বজাত ওদালগুৰিৰ পৰা মঙলদৈৰ ঘৰলৈ আহি আছিল।

তেনেতে মঙলদৈ মুদৈবৰী নামৰ ঠাইখনত হাতত লাঠি, দা লৈ থকা কিছু লোকে কিশোৰ কলিতাৰ গাড়ীখন ৰখাবলৈ কয়, গাড়ী খন নৰখোৱাৰ কাৰণে সেইসকল লোকে কিশোৰ কলিতাক আক্ৰমণ কৰে।

আক্ৰমণৰ ফলত চাৰিচকীয়া গাড়ীখন বেয়া হয় আৰু কিশোৰ কলিতাৰো মূৰত আঘাট প্ৰাপ্ত হয়। পৰিয়ালৰ লোকে নিশাই মঙলদৈ সদৰ আৰক্ষীক বিষয়টো অৱগত কৰে।এতিয়ালৈকে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো জানিবলৈ পৰা হোৱা নাই।

Also Read: নিৰ্বাচনী প্ৰচাৰ, দলৰ সংবাদ মেল ক'তো নাই আপৰ সাংসদ ৰাঘৱ চাড্ডা...

mangoldoi development officer