মেঘালয়ত ৫.৫কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ...

মেঘালয়ত ৫.৫কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ...

author-image
Asomiya Pratidin
New Update
মেঘালয়ত ৫.৫কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ...

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত মঙলবাৰে পুৱা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমচুঙত অভিযান চলাই এখন চুম' বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হেৰ'ইনখিনি। শিলচৰৰ পৰা শ্বিলং অভিমুখী চুম' বাহনখনৰ পৰা ৬০৯গ্ৰাম হেৰʼইন জব্দ কৰে আৰক্ষীয়ে।

Advertisment

ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এএনটিএফ বাহিনীয়ে চলোৱা যুটীয়া অভিযানত চুম'খনৰ পৰা হেৰ'ইন ভৰ্তি ৫৮ টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। এই বাকচ কেইটাৰ পৰা মুঠ ৬০৯ গ্ৰাম ওজনৰ হেৰ’ইনৰ জব্দ কৰা হয়।

জব্দ কৰা হেৰ’ইনৰ বজাৰ মূল্য ৫.৫ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে শ্বিলং মাণ্ডনৰিটিঙৰ লাল বিয়াকদিক বৈফেই নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। লগতে টাটা চুম' আৰু এটা মোবাইল জব্দ কৰা হৈছে। আৰক্ষীৰ সুত্ৰটোৱে সদৰি কৰা মতে, মেঘালয়ত নতুন ডিজিপি ইদাশিছা নংৰাঙে দায়িত্ব লোৱাৰ এদিন পিছত এইটোৱেই ড্ৰাগছৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ সাফল্য।

Also Read: প্ৰথম অসমীয়া গ্ৰেজুৱেট, প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ আজি ওপজা দিন...

HEROIN SEIZED meghalaya