প্ৰথম অসমীয়া গ্ৰেজুৱেট, প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ আজি ওপজা দিন...

প্ৰথম অসমীয়া গ্ৰেজুৱেট, প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ আজি ওপজা দিন...

ডিজিটেল ডেস্কঃ সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত তথা প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া (আই চি এছ) আৰু প্ৰথম অসমীয়া গ্ৰেজুৱেট, অধিবক্তা আনন্দৰাম বৰুৱাৰ আজি ওপজা দিন। ৩৮বছৰ বয়সতে মৃত্যু হলেও এই মহান অসমীয়া­­গৰাকীৰ বৰ্ণিল জীৱন পৰিক্ৰমাই সকলোকে অনুপ্ৰাণিত কৰে।

অতিপাত তীক্ষ্ন এই মহান অসমীয়া গৰাকীৰ জন্ম হৈছিল ১৮৫০চনৰ ২১মেত। আনন্দৰাম বৰুৱা জন্ম উত্তৰ গুৱাহাটীত হৈছিল। তেখেত মজিন্দাৰ বৰুৱাৰ পৰিয়ালৰ গৰ্গৰাম বৰুৱাৰ সন্তান আছিল। মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী বৰুৱা।  তেওঁৰ ডাঙৰ দুজন ভাতৃৰ নাম হ'ল পৰশুৰাম আৰু জানকীৰাম বৰুৱা।

আনন্দৰাম বৰুৱাৰ জন্মদিনটো ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপিত হোৱাৰ সমান্তৰালভাৱে উদযাপিত হ’ল গুৱাহাটী মহানগৰীতো। জামজমকতাৰে অনুষ্ঠিত নহলেও চানমাৰীৰ উৰণীয়া সেতুৰ এটা মূৰত থকা আনন্দৰাম বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি যাচে লালগণেশস্থিত বিবেকানন্দ কল্যাণ কেন্দ্ৰ জাতীয় শিক্ষা নিকেতনৰ শিক্ষক আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে। পুৱাভাগতে অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই শিক্ষানুষ্ঠানখনে প্ৰতিবছৰেই এই অনুষ্ঠানটি অনুষ্ঠিত কৰি আহিছে।

উল্লেখ কৰা প্ৰয়োজন যে,  ১৪ বছৰ বয়সত আনন্দৰাম বৰুৱা কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু কলিকতাৰ 'প্ৰছিডেন্সী কলেজ'ত এফ. এ. (FA) পঢ়িবলৈ লয়। আনন্দৰাম বৰুৱাৰ বিষয়ে প্ৰছিডেন্সী কলেজৰ শিক্ষাগুৰু ছাৰ গুৰুদাস বেনাৰ্জীয়ে কৈছিল, “১৮৬৫ চনৰ প্ৰেছিডেন্সী কলেজত কেইবাগৰাকীও চোকা ছাত্ৰ আছিল, তাৰে ভিতৰত আনন্দৰাম বৰুৱা আছিল সবাতোকৈ মেধাবী।” ১৮৬৬ চনত তেওঁ এফ.এ. পৰীক্ষাত প্ৰথম বিভাগৰ ষষ্ঠ স্থান অধিকাৰ কৰে, আৰু গণিত বিভাগত 'ডাফ' বৃত্তি (Duff Scholarship) লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ বি. এ. পৰীক্ষাত তেখেতে তৃতীয় স্থান লাভ কৰে। ইয়াৰ পাছত তেখেতে উচ্চ শিক্ষাৰ বাবে বৃত্তি লৈ ইংলেণ্ডলৈ যায়।

১৮৬৯ চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত ভৰি দিয়ে। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু 'মধ্য টেম্পল'ত (Middle Temple) আইনৰ শিক্ষা গ্ৰহণ কৰে। একলগে তেওঁ প্ৰশাসনীয় সেৱাৰ সহায়িকা বিষয়তো যোগদান কৰে। ১৮৭০ চনত তেওঁ 'ভাৰতীয় প্ৰশাসনীয় সেৱা'ৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৭১ চনত তেখেতে আইনৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। একেটা বছৰতে তেখেতে বি. এছ.চি ডিগ্ৰীও লাভ কৰে। আনন্দৰাম বৰুৱা অসমৰ প্ৰথম গ্ৰেজুৱেট, অধিবক্তা আৰু প্ৰশাসনীয় বিষয়া। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ তেখেতে পঞ্চম গৰাকী বিষয়া।

১৮৭৭-১৮৮০ চনৰ ভিতৰত আনন্দৰাম বৰুৱাই তিনিটা খণ্ডত 'English-Sanskrit Dictionary' প্ৰণয়ন কৰে। প্ৰথম খণ্ড প্ৰকাশ হয় ১৮৭৭ চনত তেওঁ বৰ্ধমানত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত। দ্বিতীয় খণ্ড 'Higher Sanskrit Grammar' প্ৰকাশ হয় ১৮৭৮ চনত গোৱালপাৰাত কৰ্মৰত সময়্ত। আনহাতে তৃতীয় খণ্ড 'Ancient Geography of India' প্ৰকাশ পায় ১৮৮০ চনত। ১৮৮৭ চনত তেওঁৰ আন এখন মূল্যবান গ্ৰন্থ 'Companion to Sanskrit-reading undergraduates of the Calcutta University' প্ৰকাশ হয়। সেই বছৰতে 'মহাবীৰ চৰিতম্' প্ৰকাশ হয়। ইয়াৰোপৰি 'সৰস্বতী কথাভৰণম্', 'নামলিংগানুশসন', 'Compilations of a comprehensive dictionary of all Dialects of Bengal' আদি গ্ৰন্থ ৰচনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in