ভাল খবৰ! হেনলি পাৰপত্ৰ সূচাংকত বিশ্বৰ ভিতৰতে ৭৭ নং স্থান দখল ভাৰতৰ...

হেনলি পাছপ’ৰ্ট সূচকাংকত প্ৰতি বছৰে এই ৰেংকিং প্ৰকাশ কৰা হয়, য’ত দেখা যায় যে কোনখন দেশে পাছপ’ৰ্ট লৈ ভিছা অবিহনে কিমান দেশ ভ্ৰমণ কৰিব পাৰিব।

New Update
web ap visa

ডিজিটেল ডেস্কঃ  ভাৰতৰ পাছপ’ৰ্ট এতিয়া পূৰ্বতকৈ অধিক শক্তিশালী হৈ পৰিছে। ২০২৫ চনৰ হেনলী পাছপ’ৰ্ট সূচকাংকত ভাৰতে ৭৭ নম্বৰ স্থান দখল কৰিছে। এই ৰেংকিঙৰ উন্নতিৰ অৰ্থ হ’ল এতিয়া ভাৰতীয় নাগৰিকে ভিছা অবিহনে ৫৯খন দেশলৈ যাব পাৰিব।

Advertisment

হেনলি পাছপ’ৰ্ট সূচকাংকত প্ৰতি বছৰে এই ৰেংকিং প্ৰকাশ কৰা হয়, য’ত দেখা যায় যে কোনখন দেশে পাছপ’ৰ্ট লৈ ভিছা অবিহনে কিমান দেশ ভ্ৰমণ কৰিব পাৰিব। ভাৰতৰ বৰ্ধিত ৰেংকিঙে গ্লোবেল প্লেটফৰ্মত ভাৰতৰ গ্ৰহণযোগ্যতা আৰু ভাৰতীয় পাছপ’ৰ্টৰ শক্তিও বৃদ্ধি পোৱাৰ ইংগিত দিয়ে।

লক্ষ্যণীয় যে, ভাৰতীয় নাগৰিকে ভিছা অবিহনে যাত্ৰা কৰিব পৰা ৫৯খন দেশৰ ভিতৰত আফ্ৰিকা, এছিয়া আৰু কেৰিবিয়ানৰ বহু দেশ আছে। ইয়াৰ ভিতৰত বিশিষ্ট নামসমূহ হ’ল ভূটান, নেপাল, ইণ্ডোনেছিয়া, থাইলেণ্ড, শ্ৰীলংকা, মালদ্বীপ, কম্বোডিয়া, ছিচেলছ, কেনিয়া, ৰুৱাণ্ডা, তাঞ্জানিয়া, বাৰ্বাডোছ, ফিজি, জামাইকা, গ্ৰেনাডা, ডমিনিকা, হাইটি, ভানুআটু, মণ্টচেৰাট, আৰু টুভালু আদি স্থানত ভাৰতীয় ভ্ৰমণকাৰীয়ে আহি পোৱাৰ লগে লগে ভিছা লাভ কৰে বা এই দেশসমূহত সম্পূৰ্ণ ভিছা ৰেহাইৰ সুবিধা লাভ কৰে।

উল্লেখ কৰা প্ৰয়োজন, ২০০৬ চনৰ পৰা ভাৰতৰ পাছপ’ৰ্টৰ ৰেংকিং উঠা-নমা হৈ আহিছে, ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু ভ্ৰমণৰ বাধাৰ বাবে ২০২১ চনত ভাৰতৰ পাছপোৰ্টৰ ৰেংকিং উঠা-নমা হৈ আহিছে, ৭১ নম্বৰত উপনীত হৈছিল যদিও ২০২১ চনত ৯০ নম্বৰলৈ নামি আহিছিল।

Passports ভিছা