ডেৰ বছৰে ভাষাৰ ওজাক শ্ৰদ্ধা: সাদিন-প্ৰতিদিন গোষ্ঠীয়ে জনালে বিশেষ সম্বৰ্ধনা...

ডেৰ বছৰে ভাষাৰ ওজাক শ্ৰদ্ধা: সাদিন-প্ৰতিদিন গোষ্ঠীয়ে জনালে বিশেষ সম্বৰ্ধনা...

ডিজিটেল ডেস্ক : এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল অসমবাসী। হেমকোষ ব্ৰেইল সংস্কৰণলৈ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ'ল গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক স্বীকৃতিপত্ৰ। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, দিল্লী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ভাৰ্টেন্দু পাণ্ডে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপচাৰ্য অধ্যাপক ড০ প্ৰতাপ জ্যোতি সন্দিকৈ, বিশিষ্ট ভাষাবিদ ড০ বসন্ত গোস্বামী, অসম সাহিত্য সভাকে ধৰি বিভিন্ন সাহিত্যৰ অনুষ্ঠান, সদৌ অসম ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতিয়, জনজাতীয় দল, সংগঠন, সাংবাদিক, শিক্ষাৰ্থীকে ধৰি সৰ্বস্তৰৰ লোক। এই সকলোৰে উপস্থিতিত হেমকোষ ব্ৰেইলৰ প্ৰকাশ আৰু অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বাত্বাধিকাৰ জয়ন্ত বৰুৱাই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক প্ৰতিনিধি ঋষি নাথৰ হাতৰ পৰা এই স্বীকৃতিপত্ৰ গ্ৰহণ কৰে।

এই ঐতিহাসিক ক্ষণতে এজন বিশেষ ব্যক্তিক আজি সম্বৰ্ধনা জনালে "হেমকোষ" পৰিয়াল তথা "সাদিন-প্ৰতিদিন গোষ্ঠী"য়ে। এই বিশেষ ব্যক্তিজনে নিঃস্বাৰ্থ ভাৱে প্ৰতি সন্ধিয়া কৰি আহিছে এক বিশেষ কাম।

ডেৰ বছৰৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপন কৰা হৈছিল ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটি পূৰ্ণ অৱয়বৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কালৰে পৰা জাতিয় দায়িত্ব পালন কৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে বিগত ডেৰটা বছৰে প্ৰতি সন্ধিয়া এই প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আহিছে ব্যক্তিজনে।

এই বিশেষ ব্যক্তিজন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰঞ্জিত শৰ্মা। এইগৰাকী ৰঞ্জিত শৰ্মাক "হেমকোষ" পৰিয়ালয়ে আজি গামোচা, চেলেঙেৰে সম্বৰ্ধনা জনাই তেওঁৰ হাতেৰেই আৰম্ভণি কৰিলে ভাষাৰ ওজাক শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী। ৰঞ্জিত শৰ্মাই বিগত ডেৰটা বছৰে নিঃস্বাৰ্থ ভাৱে অতি আন্তৰিকতাৰে ভাষাৰ ওজালৈ শ্ৰদ্ধাঞ্জলি জনাই অহা কাৰ্যত হেমকোষ পৰিয়ালে কৃতজ্ঞতা জ্ঞাপন কৰে।

এইগৰাকী ৰঞ্জিত শৰ্মাই বিশ্বাস কৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ ফলশ্ৰুতিতেই তেওঁৰ আশীৰ্বাদত সন্তানে উন্নতিৰ মুখ দেখিছে। উল্লেখ্য যে, ভাষাৰ ওজাক তেওঁৰ তিৰোভাৱ তিথিৰ উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱা এই কাৰ্যসূচীতে হেমকোষৰ ব্ৰেইল সংস্কৰণে গীনিজ বুক অৱ ওৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তি কৰাত নেপথ্যৰ জয়ন্ত বৰুৱাক বহুকেইটা দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

ডেৰ বছৰে ভাষাৰ ওজাক শ্ৰদ্ধা: সাদিন-প্ৰতিদিন গোষ্ঠীয়ে জনালে বিশেষ সম্বৰ্ধনা...
'ভাষাৰ ওজা'ৰ মৃত্যু তিথিত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিপত্ৰৰে শ্ৰদ্ধাঞ্জলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in