২০২৩ ৰ ১ জানুৱাৰীৰ ভাল খবৰটো আজিয়েই...

২০২৩ ৰ ১ জানুৱাৰীৰ ভাল খবৰটো আজিয়েই...
২০২৩ ৰ ১ জানুৱাৰীৰ ভাল খবৰটো আজিয়েই...

মৃদুল কুমাৰ সন্দিকৈ

মানুহজনৰ অসুখ। ৬/৭ মাহৰ আগতে ধৰা পৰিছিল তেওঁৰ দুয়োটা কিডনী বিকল হৈ পৰিছিল। দেশৰ ভাল ভাল চিকিৎসালয়লৈ গৈ চিকিৎসা কৰাইছে। অসুখ বুলি মানুহ জন হতাশ হোৱা নাই।

মানুহজনৰ চিন্তা নিজৰ অসুখক লৈ নহয়। সপ্তাহত দুবাৰকৈ তেওঁ ডায়েলাইছিছ কৰিব লাগে। কিন্তু সেইবোৰলৈ সমুলি চিন্তা নাই। চিন্তা তেওঁৰ অন্য কথাত। চিকিৎসাৰ কাৰণে যাওঁতে যি ভয়াবহ পৰিস্থিতি দেখিছে তাক লৈ তেওঁ কিবা এটা কৰাৰ কথা ভাবিছে।

কিডনী বিকল হৈ পৰাৰ পিছত ৰোগীক চিকিৎসা কৰাৰ নামত যথেষ্ট ধনৰ প্ৰয়োজন হয়। কম বয়সৰ লোকো এই ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লাগে।

টকাৰ অভাৱত বহুজনে সুচিকিৎসা নাপায়। মাটি-বাৰি বিক্ৰী কৰি বা সাচতীয়া ধনখিনি খৰছ কৰি কিডনী সলনি কৰিলেও তাৰ পাছত আন এক ব্যয়বহুল আৰু নীতি-নিয়মৰ মাজেৰে দিন অতিবাহিত কৰিব লাগে।

ডায়েলাইছিছ কৰিবলৈ যাওঁতে ৰোগীৰ ভিৰ দেখি তেওঁৰ মনলৈ এই চিন্তা আহিছিল। উত্তৰ পূৰ্বাঞ্চলত কিডনী ৰোগীৰ সংখ্যা ভয়াবহ ভাৱে বৃদ্ধি পাইছে। চৰকাৰে যি পাৰে কৰিছে যদিও সেয়া যথেষ্ট নহয়।

এবাৰ ডায়েলাইছিছ কৰোঁতে এজন ৰোগীৰ অতি কমেও এজন ৰোগীৰ ৫ ৰ পৰা ৬ হাজাৰ টকা ব্যয় হয়। কোনো কোনোৱে সপ্তাহত ৩ বাৰকৈ ডায়েলাইছিছ কৰিব লাগে। এই ব্যয় সকলোৱে বহন কৰিব নোৱাৰে।

এনেবোৰ কাৰণতে তেওঁ ২০২৩ বৰ্ষৰ প্ৰথম দিনটোতে এটা নতুন কামৰ পৰিকল্পনা কৰিছে। মানুহজনৰ নাম সোণমনি দত্ত। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত। এজন অগ্ৰণী সাংস্কৃতিক কৰ্মী তেওঁ।

ভবা নাছিল এই দুঃখবৰ তেওঁ পাব। দুয়োটা কিডনী বিকল হৈ যাব। কিন্তু সেই খবৰে তেওঁৰ ইতিবাচক চিন্তাক বাধা দিব পৰা নাই। আজিও আগৰ দৰেই তেওঁ সুপ্ৰতিভ। উত্তৰ গুৱাহাটীত তেওঁৰ আঢ়ৈ কঠা মাটি আছিল।

সেই মাটিখিনিকে তেওঁ বিক্ৰী কৰি দিছে। নিজৰ চিকিৎসাৰ বাবে নহয়। এটা ভাল কামৰ আৰম্ভণিৰ বাবে। তেওঁ গঠন কৰিছে এক সংস্থা। নাম দিছে নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যন।

এই ফাউণ্ডেশ্যনৰ জৰিয়তেই তেওঁ মাটি বিক্ৰী কৰা ধনেৰে আৰম্ভ কৰিব খুজিছে এটা ডায়েলাইছিছ চেণ্টাৰ। দৰিদ্ৰজনক বিনামূলীয়াকৈ আৰু পৰা জনে নূন্যতম ধন দি ডায়েলাইছিছ কৰিব পাৰিব ইয়াত।

হাতীগাঁৱৰ লখিমীনগৰৰ ওচৰত এজন বন্ধুৱে তেওঁক তিনিটা কোঠাৰ এটা ঘৰো দিছে। চেণ্টাৰটোত প্ৰথমে থাকিব ৫ টা ডায়েলাইছিছ মেচিন। এটা এটা মেচিনৰ দাম ৭ ৰ পৰা ৮ লাখ টকা।

তিনিটা মেচিন তেওঁ নিজেই ক্ৰয় কৰিছে। দুটা মেচিন এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা পিতৃ-মাতৃৰ সোঁৱৰণত আগবঢ়াইছে দাতাই। এনেকৈয়ে তেওঁক সকলোৱে এই কামৰ বাবে সাহস আৰু উৎসাহ দিছে।

ডায়েলাইছিছ চেণ্টাৰত পানীৰ বিশেষ ব্যৱস্থা থাকিব লাগে। ইয়াৰ বাবেও খৰছ হ'ব ৪/৫ লাখ টকা। কেৱল গুৱাহাটীতেই এনে ডায়েলাইছিছ চেণ্টাৰ স্থাপন কৰি তেওঁ ৰৈ যাব খোজা নাই। অসমৰ প্ৰান্তে প্ৰান্তে এনে চেণ্টাৰ স্থাপনৰ বাবে তেওঁ উদ্যোগ ল'ব।

ৰাজ্যৰ শিল্পী সমাজৰ সৈতেও তেওঁ কথা পাতিছে। শিল্পীসকলে তেওঁক প্ৰতিশ্ৰুতি দিছে বিনামূলীয়াকৈ সংগীতানুস্থান পৰিৱেশন কৰি তাৰ পৰা সংগৃহীত ধনেৰে এইধৰণৰ চেণ্টাৰ স্থাপনত তেওঁলোক সহযোগী হ'ব।

বহু প্ৰতিষ্ঠিত শিল্পীয়ে দিয়া আশ্বাস আৰু তেওঁৰ দৃঢ়তা এই কামৰ মূলধন। তেওঁ ক'লে- চিকিৎসাৰ বাবে বিভিন্ন স্থানলৈ যাওঁতে বহু অভিজ্ঞতা হ'ল। তাৰ আধাৰতে এইখিনি কৰিবৰ বাবে আগবাঢ়িছো। কিডনী ৰোগৰ কাৰণ কি সেই সন্দৰ্ভতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁ প্ৰচাৰ চলাব।

আমাৰ খাদ্যাভ্যাসে এই ৰোগৰ কাৰণ। বজাৰৰ পৰা আমি কিনি অনা মাছ, মাংস, শাক-পাচলিয়েই যম হৈ পৰিছে আমাৰ বাবে। ডাঙৰৰ পৰা ডাঙৰটো আমি বাচি খাওঁ। কিন্তু সেইবোৰ কেনেদৰে ডাঙৰ কৰা হয়, ভাবি নাচাওঁ।

মাছ ডাঙৰ কৰিবলৈ পুখুৰীত ইউৰিয়া চটিয়াই দিয়ে। মুৰ্গীটো ডাঙৰ কৰিবলৈ বেজী দিয়া হয়। সেইবোৰ কথা আমাৰ ভবাৰ অৱকাশেই নাই। পাঞ্জাৱৰ হিমছ হস্পিতাললৈ যোৱাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ কৈ গৈছিল যে তাত সম্পূৰ্ণ বৈদিক প্ৰথাৰে ৱাটাৰ থেৰাপি দিয়ে কিডনী ৰোগীক।

ডি আই পি, খাদ্যাভ্যাস অতিকৈ প্ৰয়োজনীয় কিডনী ৰোগীৰ বাবে। ডি আই পি মানে ডিচিপ্লেইন এণ্ড ইনটিলিজেন পিপলছ ডায়েট। পুৱা ১২ বজাৰ আগতেই ৩/৪ বিধ মান পচন্দৰ ফল-মূল খাব লাগে। তাৰ পাছত ১২ ৰ পৰা ১ বজাৰ ভিতৰত দুখন থালি লৈ এখনত চালাড আৰু আনখনত ভাত বা দালিয়া যি ইচ্ছা লৈ খাবলৈ দিয়া হয় ইয়াত।

তাৰ পাছত বেলি ডুবাৰ বয়ল বুট, মগু খাব লাগে। এনে খাদ্যভ্যাসে আমাক নিৰোগী কৰি ৰাখে। আমি সুস্থ হৈ থাকিলেহে আমাৰ মনটো ভাল থাকে। সেয়েহে শৰীৰটো ভালে ৰখোৱাটো অতিকৈ প্ৰয়োজনীয় আৰু মূল কথা।

কৈ গৈছিল তেওঁ এইদৰে এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত কিধৰণৰ অভিজ্ঞতা হ'ল আৰু কি কৰাৰ প্ৰয়োজন। গুৱাহাটীত স্থাপন কৰিবলৈ লোৱা ডায়েলাইছিছ চেণ্টাৰটোত এখন এম্বুলেঞ্চো থাকিব।

ৰাজ্যৰ এখন এই ৰোগৰ চিকিৎসা কৰা প্ৰতিষ্ঠিত চিকিৎসালয়ৰ ডায়েলাইছিছ বিভাগৰ ইনাচাৰ্জ গৰাকী থকিব তেওঁৰ সৈতে। বহু বছৰ কাম কৰাৰ অভিজ্ঞতা আছে তেওঁৰ। কাৰিকৰী দিশবোৰ তেৱেই পৰ্যবেক্ষণ কৰিব।

দিল্লীলৈ যাওঁতে তেওঁ দেখিছিল দিল্লীত গুৰুদ্বৰ কমিটীয়ে ১০৮ টা এনে মেচিন স্থাপন কৰি কিডনী ৰোগীক বিনামূলীয়াকৈ ডায়েলাইছিছ কৰাৰ সুবিধা কৰি দিছে। অসমত এনে কাম কৰিব পৰা বহু সংগঠন আছে। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে বৃহৎ অনুষ্ঠান সমূহে এই কাম কৰিব পাৰিলেহেতেন।

এইবোৰ চিন্তা কৰিবলৈ তেওঁলোকৰ সময় ক'ত ! এনে কামবোৰে তেওঁলোকৰ স্বাৰ্থ পূৰণ নকৰে। সেয়েহে বিশিষ্ট সাংস্কৃতিক কৰ্মী সোণমনি দত্তই একক প্ৰয়াসেৰে এই কাম কৰিবলৈ অতি নীৰৱে সকলোখিনি কাম কৰি পেলাইছে।

অনুজ্ঞাপত্ৰকে ধৰি আন যাৱতীয় কামবোৰ তেওঁৰ হৈ উঠিছে। সাংস্কৃতিক সন্ধিয়া আয়োজন কৰি পুঁজি সংগ্ৰহৰ কথা ভাবিছে। মাটি বিক্ৰী কৰি পোৱা ধনৰ উপৰিও প্ৰয়োজনত গোৱালপাৰাৰ দৰংগিৰী গণেশ মন্দিৰ সমিতি, বৰপেটা হাউলি ৰাস কমিটী আহি লটাৰি খেল পাতিব পাৰি নেকি সেয়াও চিন্তা কৰিছে।

এই ৰোগৰ পৰা হাত সাৰি থাকিব কেনেকৈ পাৰি তাৰ বাবে সজাগতা শিবিৰ পতাৰ পৰিকল্পনা কৰিছে। সকলো কথাতে চৰকাৰলৈ বাটচাব খোজা নাই তেওঁ। তেওঁৰ নিজৰ ভাষাত মৃত্যুৰ পূৰ্বে ১০০ জনক জীয়াই যাব খোজে তেওঁ।

চিকিৎসালয়ত মানুহৰ হাহাকাৰ দেখিলে তেওঁৰ মনে হাহাকাৰ কৰে । দুয়োটা কিডনী হেৰুৱাই হতাশ নহৈ এনেদৰে কাম কৰিব পৰা মানুহ কেইজন আছে। সোণমনি দত্তৰ কাষত আগ্ৰহী জনে থিয় দিব পাৰে। হ'ব পাৰে সহযোগী।

তেওঁৰ যোগাযোগ নম্বৰ ৬০০০২৫২৬৭৬ আৰু ৮৪৮৬২৭২৩১৩। বছৰটোৰ আৰম্ভণিৰ দিনাই এয়া হ'ব এক উল্লেখযোগ্য কাম। ভাল কামৰ আৰম্ভণি এনেকৈয়ে হয়। এজনে আনজনৰ বাবে এইদৰে সাহয়ৰ দুৱাৰ খুলি দিলে আত্মিয়তাৰ দুহাত আগবঢ়ালে পৃথিৱীখন নিসন্দেহে সুন্দৰ হৈ পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in