ইৰানৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ সন্ধানহীন..

ইৰানৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ সন্ধানহীন..

author-image
Asomiya Pratidin
New Update
ইৰানৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ সন্ধানহীন..

ডিজিটেল ডেস্কঃ সঠিক খবৰ কাৰো হাতত নাই। কিবা এটা যে অঘটন হৈছে সেই সংকেত কিন্তু ইৰানৰ চৰকাৰী দপ্তৰৰ পৰা দিয়া হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ কনভয়ৰ এখন হেলিকপ্টাৰ সন্ধানহীন হৈ আছে। সেই হেলিকপ্তাৰখনতে আছিল ইৰানৰ ৰাষ্ট্ৰপতিগৰাকী। দেওবাৰে বিয়লি এই অঘটন সংঘটিত হৈছে। অনুমান কৰা মতে, ইৰানৰ সীমান্তৱৰ্তী ৰাজ্য পূব আজাৰবাইজানৰ এক দৰ্গম অঞ্চলত দুৰ্ঘটনাটো সংঘটিত হৈছে।

Advertisment

ঘটনাৰ খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দলে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হ’বলৈ চেষ্টা চলাই আছে। হেলিকপ্টাৰখনৰ কি হ’ল, কোন কোন আছিল সেই সন্দৰ্ভত সবিশেষ কোনো তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে,হেলিকপ্টাৰখনত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেশৰ বিত্তমন্ত্ৰী আমিৰ আব্দুল্লাহিয়ানো আছিল বুলি জানিব পৰা গৈছে। আন এক সূত্ৰ মতে, হেলিকপ্তাৰখনে জৰুৰী অৱতৰণ কৰিছে। আন এক সূত্ৰই হেলিকপ্তাৰখন ভূ পতিত হোৱাৰ শংকা ব্যক্ত কৰিছে। এই খবৰে ইৰানৰ লগতে বিশ্ববাসীকো উদ্বিগ্ন কৰি ৰাখিছে। বৰষুণ আৰু প্ৰতিকুল বতৰৰ বাবে এই উদ্ধাৰ অভিযান সফল হোৱা নাই বুলি দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ।

Also Read: কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজৰ মহাবিষ্ণু যজ্ঞ সম্পন্ন...

Iranian president Ebrahim Raisi