/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/df99c47c-5dde-4357-b9fb-ef476fe7648d/2.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজৰ উদ্যোগত কলিয়াবৰ আঞ্চলিক যাজক উপ সমিতিৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ মহিলা মঞ্চৰ সহযোগত কলিয়াবৰৰ হাটবৰত সাৰ্বজনীনভৱে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ আয়োজন কৰা হৈছিল। বিশ্বশান্তিৰ কামনাৰে চাৰি দিনীয়াকৈ আয়োজিত যজ্ঞৰ অন্তৰ্গত ধৰ্মালোচনী সভাখনিত দেওবাৰে সফলতাৰে সম্পন্ন হয়৷
‘আমাক প্ৰভুৱে বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে পঠিয়াইছে৷ কিন্তু আজি বিশ্বৰ জীৱ জড় সকলোতে মানুহৰ নিজ ক্ষমতাৰ বাবে আধিপত্য বিস্তাৰৰ প্ৰতিযোগিতা চলিছে৷ এয়া বেয়া লক্ষণ৷ আমি আমাৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ প্ৰকৃতিৰ ওপৰত অন্যায় কৰি আছো৷ মনুষ্য জীৱন ইয়াৰ বাবে নহয়৷ গীতা এক ৰহস্যময় গ্ৰন্থ৷ শ্ৰীকৃষ্ণৰ বাদে ইয়াক কোনেও নাজানে৷ এই গীতাৰ প্ৰকৃত তত্ত্ব অনুধাৱন কৰি সমাজৰ কল্যাণ সাধিব লাগিব৷’ উক্ত ধৰ্মালোচনী সভাত এইদৰে বক্তব্য প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ, পণ্ডিত প্ৰভাত গোস্বামীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/232956ba-c333-4e10-9f45-c6276a901ad8/3ab3317b-62ce-4855-a6ae-ea2b6053ab60.jpg)
বিয়লি পৰা আৰম্ভ হোৱা ধৰ্মালোচনী সভাখন উদ্বোধন কৰে প্ৰভাত গোস্বামীয়ে৷ বিশিষ্ট পণ্ডিত ৰোহিনী বল্লভ গোস্বামীয়ে সংস্কৃততে ভাষণ প্ৰদান কৰি বিশ্বশান্তিৰ বাবে মানৱ জীৱন সকলোৱে উৎসৰ্গা কৰি উচিত বুলি মন্তব্য কৰে৷ সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি নৰেন্দ্ৰনাথ শৰ্মা৷
এই সভাতে মন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট পণ্ডিত যজ্ঞপতি শ্ৰাস্ত্ৰী, আৰু বিশিষ্ট গল্পকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, ধীৰেণ বৰঠাকুৰ আৰু ৰাজেন শৰ্মাক সম্বৰ্ধনা জনোৱা হয়৷ শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ উপলক্ষে প্ৰথম দিনা অৰ্থাৎ ১৭ মে’ৰ পুৱা ৯ বজাত পৰিৱেশ নিকাকৰণৰ পাছতে ১০বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে মহাবিষ্ণু যজ্ঞৰ আচাৰ্য তোষেশ্বৰ দেৱশৰ্মাই৷
ইয়াৰ পাছতে বৃক্ষৰোপণ, প্ৰতিমা স্থাপন, ঋত্বিক পৰিচয় আৰু অধিবাস কাৰ্যসূচী সম্পন্ন হয়৷ দ্বিতীয় দিনা পুৱা মঙ্গলাচৰণ, নান্দী শ্ৰাদ্ধৰ পাছতে পতাকা উত্তোলন কৰে কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সভাপতিয়ে৷ ১০বজাত জলযাত্ৰা, ১১বজাত সূৰ্যাগ্নি আহৰণ, ১২বজাত ঋত্বিক বৰণৰ পাছতে মুল পূজা আৰম্ভ হয়৷ সন্ধিয়া ৭বজাৰ পৰা আৰম্ভ হয় আৰতিৰ৷
১৯ মে’ তাৰিখে পুৱা ছয় বজাত মঙ্গলাচৰণৰ পাছতে আহুতি প্ৰদান, নামপ্ৰসংগ আৰম্ভ হয়। ইয়াৰ পিছতে আৰম্ভ হয় ধৰ্মালোচনী সভাখন৷ নিশা আঠ বজাৰ পৰা আৰম্ভ হয় ভক্ত প্ৰহ্লাদ ভাওনা৷ শেষৰ দিনটোৰ প্ৰথমতেই মঙ্গলাচৰণৰ পাছতে আহুতি প্ৰদান, ক্ষেত্ৰপালৰ পূজা পূৰ্ণাহুতিৰে সমগ্ৰ অনুষ্ঠানৰ সামৰণি পৰে৷
Also Read: ডিব্ৰুগড়ৰ জকাইত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজনৰ অৱস্থা সংকটজনক