স্বাস্থ্য কিছু উন্নত হৈছে ড০ শিৱনাথ বৰ্মনৰঃ চকু মেলি দিছে সহাৰি...

স্বাস্থ্য কিছু উন্নত হৈছে ড০ শিৱনাথ বৰ্মনৰঃ চকু মেলি দিছে সহাৰি...
স্বাস্থ্য কিছু উন্নত হৈছে ড০ শিৱনাথ বৰ্মনৰঃ চকু মেলি দিছে সহাৰি...

ডিজিটেল ডেস্কঃ বিশিষ্ট চিন্তাবিদ, সাহিত্যিক ড০ শিৱনাথ বৰ্মনৰ স্বাস্থ্য কিছু উন্নত হৈছে। যোৱা কিছুদিন ধৰি নেমকেয়াৰ হস্পিতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে বিশিষ্ট সাহিত্যিকগৰাকী।

চিকিৎসালয়খনৰ ভেণ্টিলেটৰতে থকা চিন্তাবিদগৰাকী যোৱা ৫/৬ দিন সংজ্ঞাহীন অৱস্থাত আছিল যদিও সোমবাৰে চকু মেলি তেওঁ সহাৰি দিয়ে। পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে দুদিনৰ পূৰ্বে তেওঁৰ ডায়েলাইছিছো কৰা হৈছিল।

নেমকেয়াৰৰ ৫ জনীয়া বিশেষজ্ঞ চিকিৎসকৰ দৰে চিকিৎসা আগবঢ়াই আছে বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিকগৰাকীক। ইফালে অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা চিন্তাবিদ গৰাকীৰ চিকৎসাৰ নামত যথেষ্ট ধন ব্যয় হৈছে।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰি তেওঁৰ চিকিৎসাৰ সমস্ত ব্য়য় চৰকাৰে বহন কৰিব লাগে বুলি চিন্তাবিদগৰাকীৰ গুণমুগ্ধ সকলে মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in