কোভিডৰ সৈতে যুঁজ কৰা অসমবাসীয়ে ডেংগু ৰোগক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাইঃ স্বাস্থ্য মন্ত্ৰী

নগাঁও আৰু যোৰহাট হোমিঅ'পেথিক কলেজৰ গৃহত স্বাস্থ্য বিভাগে অন্য আঁচনি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে

author-image
Asomiya Pratidin
New Update
কোভিডৰ সৈতে যুঁজ কৰা অসমবাসীয়ে ডেংগু ৰোগক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাইঃ স্বাস্থ্য মন্ত্ৰী

নগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ডিজিটেল সংবাদ,নগাঁওঃ ৰাজ্যত বৃদ্ধি পাইছে ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য।মন্ত্ৰীগৰাকীয়ে কয় যে, ডেংগু ৰোগ নিয়ন্ত্ৰণলৈ আহিছে । দুই-এদিনৰ পৰা আক্ৰান্তৰ সংখ্যাও কমিছে । কোভিডৰ সৈতে যুঁজ কৰা অসমবাসীয়ে এই ৰোগক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই । এনেদৰে মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

Advertisment

নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দেওবাৰে বিয়লি মঞ্চস্থ হোৱা "ৰামবিজয়" আৰু "পাৰিজাত হৰণ" অংকীয়া নাট উদ্ধোধন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে নগঞা মন্ত্ৰী গৰাকীয়ে ।

আনহাতে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে হোমিঅ'পেথিক কলেজৰ একত্ৰিকৰণ হ'বই বুলি উল্লেখ কৰি নগাঁও আৰু যোৰহাট হোমিঅ'পেথিক কলেজৰ গৃহত স্বাস্থ্য বিভাগে অন্য আঁচনি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ।

উল্লেখ্য যে, হোমিঅ'পেথিক কলেজ একত্ৰিকৰণকৰ বিৰুদ্ধে একাংশ দল-সংগঠনে ক্ষোভ উজাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছিল । অন্যহাতে, শংকৰ সংঘৰ শেহতীয়া বিতৰ্ক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই ধৰ্মীয় বিষয়ত মন্তব্য নিদিও বুলি উল্লেখ কৰে ।

আৰু পঢ়কঃ নৰ্থ ইষ্ট অলিম্পিক গেমচ ২০২২ ত গল্ফত অসমৰ সাফল্য...

nagaon keshab mahanta dengue assam