নৰ্থ ইষ্ট অলিম্পিক গেমচ ২০২২ ত গল্ফত অসমৰ সাফল্য...

মেঘালয়ত অনুষ্ঠিত হৈছে দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমচ ২০২২। দেওবাৰে এই অলিম্পিক গেমছত অসমে গল্ফত হয়।

author-image
Asomiya Pratidin
New Update
নৰ্থ ইষ্ট অলিম্পিক গেমচ ২০২২ ত গল্ফত অসমৰ সাফল্য...

NE Olympic Games 2022

ডিজিটেল ডেস্ক: মেঘালয়ত অনুষ্ঠিত হৈছে দ্বিতীয় নৰ্থ ইষ্ট অলিম্পিক গেমচ ২০২২। দেওবাৰে এই অলিম্পিক গেমছত অসমে গল্ফত কেইবাটাও পদক লাভ কৰে।

Advertisment

অসমে এই প্ৰতিযোগিতাত পাঁচটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

গল্ফৰ বিভিন্ন শ্ৰেণীত পাঁচটা সোণৰ পদক বিজয়ী সকল -

  • স্নিগ্ধা গোস্বামী, জাকিৰ হুছেইন, বিকি দত্ত, সঞ্জীৱ জয়ছোৱাল (দল)

  • স্নিগ্ধা গোস্বামী (মহিলা)

  • জাকিৰ হুছেইন (মিড এমেচাৰ)

  • ডেবেন ভূমিজ (পেছাদাৰী)

  • স্নিগ্ধা গোস্বামী (ব্যক্তিগত)

    বিভিন্ন শ্ৰেণীত ৰূপৰ পদক বিজয়ী দুজন হৈছে:

  • বিকি দত্ত

  • জাকিৰ হুচেইন

    বিভিন্ন শ্ৰেণীত ব্ৰঞ্জৰ পদক বিজয়ী-

  • নাগেশ সিং

  • দীপৰাজ চেতিয়া

    বৰ্তমানলৈকে অলিম্পিক গেমছত ৪৬ টা পদকৰ সৈতে অসম প্ৰথম স্থানত আছে।

assam north east olympic-games-2022 meghalaya