ৰঙিয়াত হেপাটাইটিচ বি-চি তেজৰ নমুনা পৰীক্ষণ শিবিৰ অনুষ্ঠিত

ৰঙিয়াত হেপাটাইটিচ বি-চি তেজৰ নমুনা পৰীক্ষণ শিবিৰ অনুষ্ঠিত

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াৰ পদুম কুঁৱৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বনগাঁও অংগনৱাদী কেন্দ্ৰত সোমবাৰে হেপাটাইটিচ বি আৰু চি তেজৰ নমুনা পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়।

কামৰূপ জিলা আই ডি এছ পিৰ তত্বাৱধানত তথা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত শিবিৰত জিলা আই ডি এছ পি তথা নডেল বিষয়া পৰাগ দেৱ ৰয়,ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য উপস্থিত থাকে।

কামৰূপ জিলা পৰামৰ্শদাতা মনিকঙ্কনা লহকৰ শৰ্মা,জিলা অনুজীৱ বিষয়া তথা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ আৰ টি পি চি আৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰুতিকা শ্ৰাবৰ্ণ কটকী প্ৰমুখ্যে বিষয়বৰ্গৰ উপস্থিতিত বৃহত্তৰ অঞ্চলটোৰ ২৬ গৰাকী পুৰুষ-মহিলাই তেজৰ নমুনা পৰীক্ষা কৰে।

শিবিৰটোৰ সফল ৰূপায়ণত লেবৰটৰী টেকনিচিয়ান মঃ ৰাজু আলী,এ এন এম অনিতা কলিতাৰ লগতে আশা কৰ্মী দ্বয় ক্ৰমে পঞ্চমী কলিতা আৰু আনোৱাৰা বেগমে সহযোগিতা আগবঢ়ায়।

ৰঙিয়াত হেপাটাইটিচ বি-চি তেজৰ নমুনা পৰীক্ষণ শিবিৰ অনুষ্ঠিত
লংকাত অগ্নিকাণ্ডঃ ৪০-৫০ লক্ষাধিক টকাৰ সা-সম্প্ৰত্তিৰ ক্ষয়-ক্ষতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in