/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/kclcorlq/6.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন" চাওছেং'ৰ সহযোগত মঙলবাৰে গহপুৰৰ বান বিধ্বস্ত দক্ষিণ জয়পুৰত এটি স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভা অনুষ্ঠিত হয়। গহপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ বি পি এম হৰেন গগৈ, আৰু আৰ বি এছ কেৰ ভাৰপ্রাপ্ত চিকিৎসা বিষয়া ডাঃ প্ৰিয়ম দাসৰ তত্বাৱধানত আয়োজিত উক্ত স্বাস্থ্য পৰীক্ষা ও সজাগতা সভাত দক্ষিণ জয়পুৰৰ দুই শতাধিক লোকক স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় ঔষধ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/g0e9fbxa/96bbe543-b6c5-4447-b9c5-e7b25a012bd7.jpg)
স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ডা:আৰ কে তালুকদাৰ, ডা: হৰি নাৰায়ণ দেউৰী, ডা: নিবেদিতা বসুমতাৰী, ডা: ফণীধৰ শইকীয়া, ডা: অজিত দাস, ফাৰ্মাচীষ্ট গংগোটপল শইকীয়া, এনিশা ভূঞা, লেব টেকনিচিয়ান পুষ্পাঞ্জলি দিহিঙীয়া, নাৰ্ছ আই টি স্বৰ্গিয়াৰী, ৰিনা বৰা, মঞ্জু মনি দলে, ৰিনুমনি শইকীয়া, বহুমুখী স্বাস্থ্য কৰ্মী ভূপেন মিলি, বিনোদ হাজৰিকা, আশা চুপাৰ ভাইজাৰ পল্লৱী চুতীয়া আদিয়ে অংশগ্রহণ কৰে। মূলতঃ মহিলাৰ দ্বাৰা গঠিত চাওচেং নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰাও প্ৰয়োজনীয় ঔষধ আৰু মহিলাৰ মাজত ছেনীটেৰী পেড বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/06yuxkt2/0a1af9c1-a8ed-4165-aae1-69ab227222f5.jpg)
এই জনহিতকৰ কাৰ্যসূচীত চাওচেং স্বেচ্ছাসেৱী সংগঠনৰ সভানেত্রী বিজু বৰা, কাৰ্য্যকৰী সভানেত্রী প্ৰিয়াংষা হাজৰিকা, উপ সভানেত্রী মিতালী কোঞৰ, সাধাৰণ সম্পাদিকা আগুমণি সেন গুপ্ত, সহকাৰী সাধাৰণ সম্পাদিকা মিতালী মোছাহাৰী, নিৰ্মালী শইকীয়া, সাংগঠনিক সম্পাদিকা কৰবী হাজৰিকা, মঞ্জু ভূঞা বৰুৱা, সাংস্কৃতিক সম্পাদিকা সবিতা হাজৰিকা, বিত্ত সম্পাদিকা মঞ্জু বৰা হাজৰিকা,মৰমী সন্দিকৈ , নিমিষা কোঞৰ, তথ্য আৰু প্ৰচাৰ সম্পাদিকা লীনা শইকীয়া বৰা, প্ৰজ্বলিতা শৰ্মা, ডলী বৰা আদি উপস্থিত থাকে। গহপুৰৰ সামাজিক ক্ষেত্ৰত নতুনকৈ জন্ম লাভ কৰা মহিলাৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী সংগঠন চাউছেঙে বিভিন্ন সমাজিক কাম কাজ ৰূপায়ণ কৰিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/jn0jdut7/c3e882f0-79e5-4bcf-a90e-8354291c8b93.jpg)
Also Read: ৰাজ্যসভা নিৰ্বাচনঃ অসমৰ দুই আসনৰ বাবে মিছনৰঞ্জণ দাস আৰু ৰামেশ্বৰ তেলীক দিলে প্ৰাৰ্থিত্ব...