মোৰ স্বামী দুজন! এজনে সন্তান দিছে, মুখ্যমন্ত্ৰীয়ে হৃদয় জিনিছে...

মোৰ স্বামী দুজন! এজনে সন্তান দিছে, মুখ্যমন্ত্ৰীয়ে হৃদয় জিনিছে...

author-image
Asomiya Pratidin
New Update
মোৰ স্বামী দুজন! এজনে সন্তান দিছে, মুখ্যমন্ত্ৰীয়ে হৃদয় জিনিছে...

ডিজিটেল ডেস্কঃ আকৌ যেন কৃষ্ণ-ৰাধাৰ কাহিনী। কৃষ্ণক ৰাধাই প্ৰাণ ভৰি ভাল পাইছিল। কিন্তু পত্নীৰ মৰ্যদা পোৱা নাছিল ৰাধাই, তথাপিও কৃষ্ণ নাম উচ্চাৰণ হ’লেই প্ৰথম উচ্চাৰিত হয় ৰাধাৰ নাম। পত্নীৰ মৰ্যদা পালেও ৰুক্মনী হব নোৱাৰিলে ৰাধাৰ সমান। ৰাধা যেন কৃষ্ণৰ আধা!

Advertisment

এই প্ৰসংগ উল্লেখ কৰা এটা বিশেষ কাৰন আছে। সামাজিক মাধ্যমত এগৰাকী মহিলাৰ বিস্ফোৰক স্বীকাৰোক্তি। মহিলাগৰাকীৰ নাম ৰুমী দেৱী। মহিলাগৰাকীয়ে সামাজিক মাধ্যমত লিখা কথাখিনিয়ে ব্যাপক চৰ্চা লাভ কৰিছে।

তেওঁ লিখিছে-  ‘মই Rumi দেৱী মোৰ husband দুজন এজনে সন্তান দিছে শ্ৰদ্ধাৰ Umesh bhatta, এজনে প্ৰাণ দিছে,বাকী থকা দিনবোৰ প্ৰাণ দিয়া জনৰ লগত কটাব বিচাৰিছোঁ সেইজন Dr Himanta Biswa dev Sharma, মই কিবা ভুল ভাবিছোঁ নেকি, চকু পানীৰ ঠাইত হাঁহিব বিচাৰিছোঁ বাকী দিন বোৰ কিবা ভুল ভাবিছোঁ নেকি ৰাইজ’।

মহিলাগৰাকীৰ এই ফেচবুক পোষ্টক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কোনোবাই লিখিছে-ৰিণিকি মামীয়ে আপোনাৰ কলিজা খাব। আন এজনে আকৌ এই মহিলাগৰাকীক এবাৰ মানসিক ৰোগৰ চিকিৎসকৰ পৰামৰ্শ লবলৈও আহ্বান জনাইছে। নেটিজেন সকলে ৰুমী দেৱীক তেওঁৰ যুগ্ম জীৱনৰ ক্ষণৰ সাক্ষী হ'বলৈ নিমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰিছে।

জানিবপৰা মতে, মহিলাগৰাকী পেচাত হৈছে এগৰাকী শিক্ষয়ত্ৰী। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খোৱাৰ পৰাই এই ধৰণৰ আপডেট দিয়াৰ বাবে বহুতে তেওঁক চোকা ভাষাৰে সমালোচনাও কৰিছে।

Also Read: BREAKING: পবিতৰাত গড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা