"মণিপুৰৰ বস্ত্ৰহৰণৰ ঘটনাক অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায্যতা প্ৰদান কৰিছে"-AJP

"মণিপুৰৰ বস্ত্ৰহৰণৰ ঘটনাক অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায্যতা প্ৰদান কৰাটো দুৰ্ভাগ্যজনক।"- ড০ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া...
"মণিপুৰৰ বস্ত্ৰহৰণৰ ঘটনাক অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায্যতা প্ৰদান কৰিছে"-AJP
Published on
Updated on

ডিজিটেল ডেস্কঃ মণিপুৰত সংঘটিত হোৱা নাৰকীয় নাৰী নিগ্ৰহৰ শেহতীয়া ঘটনাৰ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অন্য ৰাজ্যতো অনুৰূপ ঘটনা সংঘটিত হৈ আছে বুলি কৈ মণিপুৰৰ উক্ত ঘটনাটোক ন্যায্যতা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে এক বিবৃতিত কয় যে, 'অপৰাধ অপৰাধেই ৷ সকলো অপৰাধ নিন্দনীয় আৰু অপৰাধীৰ বিচাৰ হ'বই লাগিব ৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ দুগৰাকী নাৰীৰ বস্ত্ৰহৰণৰ ঘটনাত ৰাজ্যখনৰ বিজেপি চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ গৈ অন্য ৰাজ্যৰ নাৰী নিগ্ৰহৰ প্ৰসংগ টানি অনা কাৰ্য নিন্দনীয় ৷'

উল্লেখ্য যে, শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা টুইটত এইবুলি কৈছিল যে, মণিপুৰত সংঘটিত ঘটনাৰ বিচাৰ হ'বই ৷ কিন্তু যিসকলে মণিপুৰৰ ঘটনাটোকে চকু নিবদ্ধ কৰি ৰাখিছে, তেওঁলোকে অন্য ৰাজ্যসমূহত সংঘটিত নাৰী নিগ্ৰহৰ ঘটনাসমূহৰ প্ৰতিও ধ্যান দিয়া উচিত ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আনকি অসমতো অনুৰূপ নাৰী নিগ্ৰহৰ ঘটনা সংঘটিত হৈ গৈছে বুলি নিজৰ টুইটত উল্লেখ কৰে ৷'

মুখ্যমন্ত্ৰীৰ উক্ত মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে কয় যে, 'অপৰাধ সংঘটিত হোৱাটো এটা বিষয় আৰু চৰকাৰে তাত পৃষ্ঠপোষকতা আগবঢ়োৱাটো অন্য বিষয় ৷ যি কোনো ৰাজ্যত যিকোনো মানুহৰ দ্বাৰা অপৰাধ সংঘটিত হৈ যোৱাটো অস্বাভাৱিক নহয় ৷ কিয়নো সকলো মানুহৰ লগত নিৰাপত্তাৰক্ষী দিয়াটো সম্ভৱ নহয় ৷ সেয়ে অপৰাধৰ পিছত সেই ৰাজ্যৰ আৰক্ষীৰ কি ভূমিকা সেয়া লক্ষ্য কৰা হয় ৷ মণিপুৰৰ ঘটনাটো সন্দৰ্ভত দেখা গৈছে ঘটনা সংঘটিত হৈছে স্বয়ং আৰক্ষীৰ সন্মুখতে ৷

আৰক্ষীয়ে নিৰ্যাতিতা যুৱতীদ্বয়ক উন্মত্ত অপৰাধীৰ হাতত গতাই দিছে৷ তাৰ পিছত কোনো এজাহাৰো ৰুজো কৰা নাই৷ গোচৰ ৰুজু কৰিছে আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিছে ঘটনা সংঘটিত হোৱাৰ দুমাহৰ পিছত ৷ ইয়াত দেখ দেখকৈ আৰক্ষীৰ পক্ষপাতদুষ্ট আচৰণ স্পষ্ট হৈছে ৷ ভিডিঅ'টো ভাইৰেল নোহোৱা হ'লে আৰক্ষীয়ে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলেহেতেন ৷ স্বয়ং মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে যে, ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁ এই বিষয়ে জানিছে৷ তেনেহ'লে তেওঁ ব্যৱস্থা গ্ৰহণ নকৰিলে কিয়? কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আৰক্ষীৰ নিৰ্দেশ নিদিলে? ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে উক্ত ঘটনা চৰকাৰৰ পৃষ্ঠপোষকতাতে সংঘটিত হৈছে ৷'

গগৈ আৰু ফুকনে কয় যে 'নেডা'ৰ আহ্বায়ক হিচাবে মণিপুৰৰ ঘটনাৰ তেওঁ নিজেও দায়িত্ব লব লাগিব ৷ 'নেডা'ৰ অংশীদাৰ চৰকাৰ এখনৰ ব্যৰ্থতাৰ দায়ভাৰৰ পৰা মুৰব্বী হিচাবে ড০ শৰ্মাই দায়িত্ব এৰাই চলিব নোৱাৰে ৷ এনে প্ৰেক্ষাপটত মণিপুৰৰ উক্ত বস্ত্ৰহৰণৰ ঘটনাক তেওঁ নিন্দা জনাই ভৱিষ্যতে তেনে পৰিস্থিতি হ'বলৈ নিদিয়াৰ আশ্বাস দিব লাগিছিল ৷ কিন্তু তাকে নকৰি তেওঁ চালেবেৰে কোবাই আচলতে মণিপুৰৰ ঘটনাটোকে ন্যায্যতাহে প্ৰদান কৰিছে৷ এয়া দুৰ্ভাগ্যজনক৷'

"মণিপুৰৰ বস্ত্ৰহৰণৰ ঘটনাক অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায্যতা প্ৰদান কৰিছে"-AJP
দেশত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাক লৈ ৰাজ্যপালক স্মাৰক এবিভিপিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in