হাওৰাঘাটত শিক্ষকৰ ধৰ্ষণৰ বলি ৯ বছৰীয়া ছাত্ৰী...

হাওৰাঘাটত শিক্ষকৰ ধৰ্ষণৰ বলি ৯ বছৰীয়া ছাত্ৰী...

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত শিক্ষকৰ ধৰ্ষণৰ বলি ৯ বছৰীয়া ছাত্ৰী...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুটত গৌতম নাথ নামৰ এজন টেট শিক্ষকৰ কামনাৰ বলি হৈছে ৯ বছৰীয়া এগৰাকী ছাত্ৰী। এই জঘন্য ঘটনাটো যদিও ৫দিনৰ আগতেই ঘটি গৈছে যদিও শুকুৰবাৰেহে পোহৰলৈ অহাত ৰংকুট তথা সমগ্ৰ হাওৰাঘাট অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Advertisment

সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনাটো পোহৰলৈ অহাৰ পিছতে ধৰ্ষণ তথা কামনাৰ বলি হোৱা ৯ বছৰীয়া ছাত্ৰী গৰাকীৰ মোমায়েকে আৰক্ষীক অৱগত কৰি অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সংবাদ মাধ্যমৰ কাষ চপাত ঘটনাটো পোহৰলৈ আহে। জানিব পৰা মতে ৰংকুটৰ গৌতম নাথ নামৰ টেট শিক্ষকগৰাকী বিবাহ পাশত আবদ্ধ হোৱাটো মাত্ৰ ২-৩মাহ মানহে হৈছে। নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতো একে ঠাইৰে এগৰাকী ৯ বছৰীয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড কৰাটো পোহৰলৈ অহাৰ পিছত ৰংকুট তথা হাওৰাঘাটবাসী সভ্য সমাজে সহজে মানি লব পৰা নাই।

শিশু ধৰ্ষণকাৰী অপৰাধী টেট শিক্ষক গৌতম নাথ পলাতক হৈ থকাত আৰক্ষীয়ে তেওঁৰ পিতৃ আৰু ভাতৃক জেৰা অব্যাহত ৰাখিছে । ধৰ্ষণ তথা কামনাৰ বলি হোৱা ৯ বছৰীয়া ছাত্ৰীগৰাকীৰ মোমায়েক আৰু ৰংকুটৰ সচেতন ৰাইজে অপৰাধীক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ।

Also Read: ধেমাজিত বোৱাৰীৰ মৃত্যুঃ পলাতক স্বামী

hauraghat