Advertisment

ধেমাজিত বোৱাৰীৰ মৃত্যুঃ পলাতক স্বামী

ধেমাজিত বোৱাৰীৰ মৃত্যুঃ পলাতক স্বামী

author-image
Asomiya Pratidin
New Update
ধেমাজিত বোৱাৰীৰ মৃত্যুঃ পলাতক স্বামী

ডিজিটেল সংবাদ,ধেমাজিঃ ৰাজ্যত সংঘটিত হৈছে ইটোৰ পাছত সিটো বোৱাৰী আত্মহত্যাৰ ঘটনা। শুকুৰবাৰে ধেমাজি খৱলীয়াতো এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰা ঘটনা পোহৰলৈ আহিছে । মৃত বোৱাৰীগৰাকী খৱলীয়াৰ ৰমেশ গগৈৰ পত্নী তৰালী কোচ গগৈ বুলি জানিব পৰা গৈছে।

Advertisment

আনহাতে বোৱাৰীগৰাকীৰ মাতৃপক্ষৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ মৃত বোৱাৰীগৰাকীৰ ওপৰত স্বামী গৃহই বিগত সময়ত বহু অত্যাচাৰ কৰাৰ অভিযোগ কৰিছে তৰালীৰ মাতৃ পৰিয়ালে ৷

উল্লেখ্য যে, ১৮ বছৰ নহওঁতেই পলুৱাই আনি বিয়া পাতিছিল তৰালীক। আনকি বাল্য বিবাহ সন্দৰ্ভত আৰক্ষীকো এজাহাৰ দাখিল কৰিছিল তৰালীৰ ২নং ভৰালীচুকৰ মাতৃ পৰিয়ালে।

আনহাতে ঘটনাৰ পিছতে পলায়ন কৰিছে মৃতকৰ স্বামী ৰমেশ গগৈয়ে। উক্ত ঘটনাক লৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

Also Read: গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰ দহনঃ হিটষ্ট্ৰোকত মৃত্যু ৬৫জনৰ

assam book fair dhemaji woman suicide