কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ হাটশিঙিমাৰীত আলোচনা চক্ৰ

এই আলোচনা চক্ৰত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সাহেৰ আলী, অৰ্থনৈতিক বিজ্ঞানৰ অধ্যাপক ড০ মনিৰুজ্জামান শেখ সহ কেবাগৰাকী জ্যেষ্ঠ নাগৰিকে নিজৰ মতামত প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
zxcxc

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ  ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ ঐতিহাসিক বাজেটক লৈ আজি হাটশিঙিমাৰীত জিলা বিজেপিৰ পৰা এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। হাটশিঙিমাৰী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, জ্যেষ্ঠ নাগৰিক আৰু শতাধিক বিজেপি কৰ্মী উপস্থিত থাকে।

Advertisment

ধুবুৰী পৌৰনিগমৰ পৌৰপতি ডাঃ দেৱময় শ্যান্নাল মুখ্য অতিথি হিচাপে উপস্থিত থাকি ঐতিহাসিক বাজেটক লৈ আলোচনা কৰে। এই আলোচনা চক্ৰত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সাহেৰ আলী, অৰ্থনৈতিক বিজ্ঞানৰ অধ্যাপক ড০ মনিৰুজ্জামান শেখ সহ কেবাগৰাকী জ্যেষ্ঠ নাগৰিকে নিজৰ মতামত প্ৰকাশ কৰে। এই আলোচনা চক্ৰৰ অন্তত ধুবুৰীৰ মেয়ৰ ডাঃ দেৱময় শ্যান্নালে এক সংবাদমেলৰ আয়োজন কৰি বাজেটৰ লাভালাভ সম্পৰ্কে প্ৰকাশ কৰে। 

হাটশিঙিমাৰী