১৪ হত্যাকাৰীক দোষী সাব্যস্ত হাটশিঙিমাৰী আদালতৰ

হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ লোক অধিবক্তা বিশ্বজিত মহন্তৰ যুক্তি আৰু তথ্য প্ৰমানৰ ভিত্তিত আজি ন্যায়াধীশ সঞ্জয় হাজৰিকাই ১৪ অভিযুক্তক হত্যাকাৰী হিচাপে দোষী সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ  দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতে আজি এটা হত্যাকাণ্ডক লৈ গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। আদালতৰ এজনীয়া বিচাৰপিট ন্যায়াধীশ সঞ্জয় হাজৰিকাই ১৪ অভিযুক্তক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰিছে। ২০২১ চনৰ ১৩ মে’ত মোহাক্কাৰ হুছেইন নামৰ লোকজনক হত্যাকাৰীয়ে দাৰে ঘপিয়াই আক্ৰমণ কৰে।

Advertisment

লগে লগে পুত্ৰ আব্দুৰ ৰৌফ আল হাছান (৩২) পিতৃ মোহাক্কাৰ হুছেইনক উদ্ধাৰৰ বাবে যোৱাত তেওঁকো দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে। স্থানীয় ৰাইজৰ ভিৰৰ সুবিধা লৈ হত্যাকাৰীয়ে পলায়ণ কৰে। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত পিতা-পুত্ৰক স্থানীয় গজাৰিকান্ধি হাস্পতালত নিয়া হয় যদিও অৱস্থা সংকটজনক হোৱাত দুয়োকে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়।

গোৱালপাৰালৈ লৈ যোৱা পাছতে পুত্ৰ আব্দুৰ ৰৌফ আল হাছান মৃত বুলি চিকিৎসকে ঘোষণা কৰে। বৰ্তমান পিতৃ মোহাক্কাৰ হুছেইন সুস্থ অৱস্থাত আছে। এই ঘটনাৰ পাচত মানকাচৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৩৭৯/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত সহ ১৬ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে। মূল অভিযুক্ত ইচাম গণি জেলত থকা অৱস্থাতে মৃত্যু মুখত পৰাৰ লগতে বাকী অভিযুক্ত কেইজনে জামিন লাভ কৰে। হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ লোক অধিবক্তা বিশ্বজিত মহন্তৰ যুক্তি আৰু তথ্য প্ৰমানৰ ভিত্তিত আজি ন্যায়াধীশ সঞ্জয় হাজৰিকাই ১৪ অভিযুক্তক হত্যাকাৰী হিচাপে দোষী সাব্যস্ত কৰে।

দোষী সাব্যস্ত হোৱা হত্যাকাৰী কেইজন ক্ৰমে- ওমৰ ফাৰুক, ৰফিকুল ইছলাম, আফিয়া খাতুন, সাহাজামাল সেখ, কামাল হুছেইন,ৰানা মিঞা, সাদোৱাল সেখ, সম্ৰাট আকন্দ,আক্কাছ আলী, আছুৰ উদ্দীন, ৰফিকুল সেখ, আছুল উদ্দীন, নজৰুল ইছলাম, জাহান উদ্দীন আৰু উজিৰ মহাম্মদ। মূল অভিযুক্ত ইচাম গণি জেলৰ ভিতৰতে মৃত্যু মুখত পৰাৰ লগতে আন এজন অভিযুক্ত আছকাৰ আলী গোচৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

মানকাচৰৰ পুৰাণদিয়াৰা গাঁৱৰ মোহাক্কাৰ হুছেইন নামৰ লোকজনৰ পুখুৰীৰ পাৰত হত্যাকাৰীয়ে বলপূৰ্বক ভাৱে প্ৰৱেশ কৰি গছ কাটি থকা অৱস্থাত বাধা দিয়াত এইদৰে পিতা-পুত্ৰক আক্ৰমণ কৰিছিল। আজি আদালতে ১৪ জনক হত্যাকাণ্ডৰ দোষী সাব্যস্ত কৰিলেও তেঁওলোকৰ শাস্তি ঘোষণা কৰা নাই। অহা ২১ নৱেম্বৰত শাস্তি ঘোষণা কৰা হব। বৰ্তমান হত্যাকাৰী কেইজনক দুদিনৰ বাবে ধুবুৰীপৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 

ইফালে হত্যাৰ গোচৰ দোষী সাব্যস্ত হোৱা এজন লোকৰ পুত্ৰই এই ৰায়দান সঠিক হোৱা নাই বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে। আদালতে পুনৰ বিবেচনা কৰি হত্যাৰ গোচৰৰ উচিত তদন্ত কৰিব লাগে বুলি দাবী তুলিছে।

হাটশিঙিমাৰী