হাটশিঙিমাৰীত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মকড্ৰিল

হাটশিঙিমাৰীৰ মকড্ৰিল কাৰ্য্যসূচীৰ জৰিয়তে ভূমিকম্প আৰু অগ্নিকাণ্ডৰ আখৰা কৰি দুৰ্যোগত আহত হোৱা লোকক উদ্ধাৰ আৰু দুৰ্যোগৰ পৰা ৰক্ষাৰ আখৰা কৰা হয়।

author-image
Asomiya Pratidin
New Update
CV

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ  অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি হাটশিঙিমাৰীত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত সহায়ক হিচাপে কাম কৰা লৈ মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰে। 

উল্লেখযোগ্য যে জিলা দুৰ্যোগ ব্যৱস্থাপনাই দুৰ্যোগৰ সময়ত কিদৰে সহায় কৰিব তাক লৈ আজি  মকড্ৰিল কাৰ্য্যসূচী অনুষ্ঠিত কৰে। এই মকড্ৰিল কাৰ্য্যসূচীৰ জৰিয়তে ভূমিকম্প আৰু অগ্নিকাণ্ডৰ আখৰা কৰি দুৰ্যোগত আহত হোৱা লোকক উদ্ধাৰ আৰু দুৰ্যোগৰ পৰা ৰক্ষাৰ আখৰা কৰা হয়।

মকড্ৰিল কাৰ্য্যসূচীত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়ববীয়াৰ উপৰিও জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া উপস্থিত আছিল। জিলা প্ৰশাসনৰ পৰা অতিৰিক্ত আয়ুক্ত ৰাহুল দলৈ উপস্থিত আছিল। 

হাটশিঙিমাৰী