গীৰ গাই চোৰ গ্ৰেপ্তাৰৰ দাবীত হাটশিঙিমাৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰক, গৰু চোৰ গ্ৰেপ্তাৰ কৰক, গৰু চোৰত জৰিত সকলোকে গ্ৰেপ্তাৰ কৰক, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পদ্যাগক কৰক শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
1
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ   ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি জিলা কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি গীৰ গাই চুৰিকাণ্ডত জৰিত চোৰ গ্ৰেপ্তাৰৰ দাবী জনায়।
Advertisment
উল্লেখযোগ্য যে, কিছুদিন ধৰি ৰাজ্যত চলি থকা গীৰ গাই কাণ্ডৰ বিতৰ্কৰ মাজত আজি প্ৰতিখন জিলাত কংগ্ৰেছী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ মহামায়ানগৰস্থিত ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়।
প্ৰতিবাদকাৰী সকলৰ আগে আগে এহাল গৰু লৈ দিনৰ প্ৰায় ৪ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছী প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰক, গৰু চোৰ গ্ৰেপ্তাৰ কৰক, গৰু চোৰত জৰিত সকলোকে গ্ৰেপ্তাৰ কৰক, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পদ্যাগক কৰক শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
জিলা সভাপতি মতিউৰ ৰহমান মণ্ডলৰ পুত্ৰ মহিবুৰ ৰহমান মণ্ডলে সাংবাদিকৰ আগত কয়, চৰকাৰে গৰু চোৰক গ্ৰেপ্তাৰ কৰাটো আমি বিচাৰো। ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ তুলি আজি প্ৰতিখন জিলাৰ ১২৬খনকৈ সমষ্টিত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।
মুখ্যমন্ত্ৰীৰ চেলা-চামণ্ডা তথা গৰু চোৰত জৰিত মন্ত্ৰী গ্ৰেপ্তাৰ নোহোৱালৈকে কংগ্ৰেছে প্ৰতিবাদ চলাই যাব বুলিও মহিবুৰ ৰহমানে মন্তব্য কৰে। অসমৰ সম্পদ চৰকাৰে লণ্ঠন কৰি পুজিপতিক দিয়াৰ লগতে দুখীয়া দৰিদ্ৰ সকলক বেদখলৰ নামত উচ্চেদ কৰি ভূমি পুজিপতিক গতাই দিয়াৰ অভিযোগ তোলে প্ৰাক্তন বিধায়কৰ পত্ৰ মহিবুৰ ৰহমানে।
প্ৰসংগক্ৰমে গৰুখুটিত প্ৰায় দুবছৰ পূৰ্বে দুজনকৈ নিৰীহ লোকক গুলীয়াই উচ্ছেদ কৰাৰ পাচত ভূমিখিনি পদ্মহাজৰিকাৰ নেতৃ্ত্বত এটা গ্ৰুপক গতাই দিয়া হৈছে। চৰকাৰে গৰুখুটিৰ ভূমিখিনি দুগ্ধ পালন আৰু কৃষি কাৰ্যৰ প্ৰকল্পৰ বাবে ভূমি আৱণ্টন দিছে ঠিকেই কিন্তু প্ৰকল্প দুখনৰ পৰা একো ভাল ফলাফল অহা নাই বুলি মহিবুৰ ৰহমানে অভিযোগ আনিছে।
তদুপৰি চৰকাৰে প্ৰকল্পৰ নামত কোটি কোটি টকা আৱণ্টন দিছে যদিও তাৰ কোনো ফলাফল আজিলৈ ৰাইজে পোৱা নাই । গৰুখুটিকে ধৰি গুৱাহাটীলৈ চৰকাৰে কৰা উচ্ছেদিত ভূমি পুজিপতিক দিয়া হৈছে। একেদৰে চাহ বাগিচাত উচ্চেদ কৰা হৈছে। চাহ বাগিছাৰ ভূমি কাক দিয়া হৈছে চৰকাৰে এতিয়ালৈ স্পষ্ট কৰা নাই।
 এই চৰকাৰে ৰাজ্যৰ সম্পত্তি সম্পূৰ্ণৰূপে লুণ্ঠনৰ প্ৰস্তুতি চলাই আছে। দুখীয়া মহিলাক ১২০০ টকাৰ অৰুণোদয় দি মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০ কোটি টকাৰ চৰকাৰী ৰাজ সাহায্য গ্ৰহণ কৰিছে, মন্ত্ৰী, আমোলাৰ পত্নীয়ে ৫০ লাখ টকাৰ ৰাজসাহায্য গ্ৰহণ কৰা পোহৰলৈ আহিছে বুলিও মহিবুৰ ৰহমানে অভিযোগ তোলে।
মুখ্যমন্ত্ৰীৰ কেবিনেটৰ এনে মন্ত্ৰী-বিধায়ক গ্ৰেপ্তাৰ নোহোৱালৈকে কংগ্ৰেছে আন্দোলন চলাই যাব। চৰকাৰৰ এনে দুৰ্নীতি কংগ্ৰেছে উদঙাই দিয়াৰ প্ৰচেষ্টা চলাই আছে কংগ্ৰেছে। ৰাইজে বৰ্তমানৰ কেবিনেটক গৰু চোৰৰ কেবিনেট বুলি নাম দিছে। গৰু চোৰৰ কেবিনেটক ৰাইজে প্ৰত্যুত্তৰ দি এইবেলি কংগ্ৰেছৰ চৰকাৰ কৰিব বুলিও মহিবুৰ ৰহমান আশাবাদী।
কংগ্ৰেছ হাটশিঙিমাৰী