ৰাজ্যৰ প্রাক্তন মুখ্য সচিব হৰেন্দ্র নাথ দাসৰ দেহাৱসান

ৰাজ্যৰ প্রাক্তন মুখ্য সচিব হৰেন্দ্র নাথ দাসৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ প্রাক্তন মুখ্য সচিব হৰেন্দ্র নাথ দাসৰ দেহাৱসান

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসৰ শুকুৰবাৰে নিশা প্ৰায় ৮.২২ বজাত বাৰ্ধক্যজনিত কাৰণত গীতানগৰৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। অসম চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ দায়িত্বত আছিল হৰেন্দ্ৰ নাথ দাস।

Advertisment

১৯৬১ চনত চাকৰিত যোগদান কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সঞ্চালকৰ পদত সেৱা আগবঢ়াইছিল। তেওঁ ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ অসম চৰকাৰৰ মুখ্য সচিব আছিল। দাসে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, ১৯৩৭ চনৰ ১ মাৰ্চত মহানগৰীৰ পাণবজাৰত জন্মগ্ৰহণ কৰিছিল হৰেন্দ্ৰ নাথ দাসে।

Also Read: গ্ৰীষ্মপ্ৰৱাহঃ কামৰূপ (মঃ)ত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা

harendranath das passes away harendranath das