বৰগাঙত হৰ ঘৰ ত্ৰিংৰগা কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত...

বৰগাঙত হৰ ঘৰ ত্ৰিংৰগা কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত...

author-image
Asomiya Pratidin
New Update
বৰগাঙত হৰ ঘৰ ত্ৰিংৰগা কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত...

ডিজিটেল সংবাদ, বিহালী: দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস সৈতে সংগতি ৰাখি বিহালী মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰে ত্ৰিৰংগা বাইক ৰেলী ৰূপায়ন কৰে৷ বিহালী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই অংশগ্ৰহণ কৰা এই বাইক ৰেলীত সমষ্টিটোৰ দুই শতাধিক যুৱ মৰ্চাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Advertisment

ইফালে বিহালীৰ বেদেতীৰ পৰা আৰম্ভ হোৱা ত্ৰিৰংগা বাইক ৰেলী বৰগাংস্থিত ত্ৰিমূৰ্ত্তি উদ্যানত সামৰণি পৰে৷ ইয়াৰ পিছতেই সাংসদ ৰঞ্জিত দত্তই বিহালীৰ মুক্তি যোদ্ধা ক্ৰমে ছবিলাল উপাধ্যায়, বগীৰাম শইকীয়া আৰু মোলান শৰ্মাৰ প্ৰতিমূৰ্ত্তি মাল্যাৰ্পণ কৰে৷

বিহালী বিধানসভা সমষ্টিৰ বাঘমৰা আৰু বিহালী মণ্ডলৰ যুৱ বিষয়-ববীয়াৰ লগতে বিজেপি বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱা, উপ-সভাপতি প্ৰেম ছেত্ৰী, সাধাৰণ সম্পাদক অসীম দাস, সম্পাদক মতিৰাজ শৰ্মা উপৰিও জিলা সমিতিৰ বিষয়ববীয়া আৰু বিহালী আৰু বাঘমৰা মণ্ডল বিজেপিৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে৷ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল দেশৰ ৭৮ সংখ্যত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বিহালী যুৱ মৰ্চাই বাহিৰ কৰা বাইক ৰেলী কাৰ্যসূচীত বহু কেইগৰাকী পদবীধাৰী নেতা বিজেপিয়ে যানবাহন আইন ভংগ কৰা পৰিলক্ষিত হৈছে৷

Also Read: শদিয়া, মাকুমত বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীঃ ভাগ ল'লে ৰাজ্যিক সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণে...

Ranjit Dutta har ghar tiranga bihali