শদিয়া, মাকুমত বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীঃ ভাগ ল'লে ৰাজ্যিক সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণে...

শদিয়া, মাকুমত বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীঃ ভাগ ল'লে ৰাজ্যিক সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণে...

author-image
Asomiya Pratidin
New Update
শদিয়া, মাকুমত বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলীঃ ভাগ ল'লে ৰাজ্যিক সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণে...

ডিজিটেল ডেস্কঃ দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতৃত্বত ১১আগষ্টৰ পৰা আৰম্ভ হৈছে ত্ৰিৰংগা বাইক ৰেলী শীৰ্ষক কাৰ্যসূচী। মঙলবাৰৰ দিনটোত শদিয়া আৰু মাকুম বিধানসভা সমষ্টিত অনুষ্ঠিত হয় এই ত্ৰিৰংগা বাইক ৰে'লী। এই ৰেলীত সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে। শদিয়া বিধানসভা সমষ্টিত বিধায়ক বলিন চেতিয়াই অংশ লোৱা এই ৰেলীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণেও ভাগ লয়। যুৱ মৰ্চাৰ সাধাৰণ সম্পাদকগৰাকীৰ নেতৃত্বত শদিয়াত প্ৰায় ৫০০লোকে এই ৰেলীত অংশ লোৱা পৰিলক্ষিত হয়। যুৱ মৰ্চাৰ কাৰ্যকতাসকলৰ উপৰিও সাধাৰণ ৰাইজে শদিয়াৰ এই ৰে'লীত অংশ লয়।

Advertisment

ইফালে নৱগঠিত মাকুম বিধানসভা সমষ্টিত ত্ৰিদিৱজ্যোতি মৰাণৰ নেতৃত্বত এই ৰেলীত ভাগ ল'বলৈ ওলাই আহে সহস্ৰাধিক লোক। হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ 'ভাৰত মাতা কী জয়' হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক ধ্বনিৰে আকাশ-বতাহ মুখৰ কৰি তোলে যুৱ মৰ্চাৰ কাৰ্যকতাসকলে। মাকুমতো বহু সংখ্যক সাধাৰণ লোকে অংশ লয় এই ৰে'লীত। ইফালে এই দুই কাৰ্যসূচীক লৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণে কয় যে, স্বাধীনতা দিৱসটো এক উৎসৱৰূপে আমি ধুমধামেৰে উদযাপন কৰিব লাগে। যুৱ প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ উদ্দেশ্যেৰেই যুৱ মৰ্চাই সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত এনে কাৰ্যসূচী ৰূপায়ন কৰিছে। এই ৰে'লীত যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, তাৰ প্ৰতিও যুৱ মৰ্চা সদায়েই সচেতন হৈ আছে বুলি কয় যুৱ নেতাগৰাকীয়ে।

Sadiya har ghar tiranga