হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহোতে সাৱধান! বান্দৰৰ আক্ৰমণত চিকিৎসাধীন মন্দিৰৰ দলৈ

হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহোতে সাৱধান! বান্দৰৰ আক্ৰমণত চিকিৎসাধীন মন্দিৰৰ দলৈ

author-image
Asomiya Pratidin
New Update
হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহোতে সাৱধান! বান্দৰৰ আক্ৰমণত চিকিৎসাধীন মন্দিৰৰ দলৈ

ডিজিটেল সংবাদ,হাজোঃ তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহোতে সাৱধান। বান্দৰৰ সন্ত্ৰাসত এতিয়া ত্ৰিভূৱন দেখিছে মন্দিৰ দৰ্শনাৰ্থী সকলে। বনাঞ্চল এৰি হয়গ্ৰীৱ মাধৱ মন্দিৰত ৰাজত্ব চলাইছে এজাক বান্দৰে।

মন্দিৰৰ দৰ্শনাৰ্থী সকলক লক্ষ্য কৰি লৈ আক্ৰমণ কৰে বান্দৰৰ জাকটোৱে। দেওবাৰে বান্দৰৰ আক্ৰমণত আহত হয় মন্দিৰৰ দলৈ শিৱ প্ৰসাদ শৰ্মা। বান্দৰৰ আক্ৰমণত চিকিৎসাধীন হবলগীয় হৈছে পঞ্চতীৰ্থৰ দলৈ শিৱ প্ৰসাদ শৰ্মা।

বান্দৰৰ সন্ত্ৰাসৰ ফলত ভীতিগ্ৰস্ত হৈছে দৰ্শনাৰ্থী সকল। সেয়ে মন্দিৰ পৰিচালনা সমিতিয়ে বান্দৰৰ পৰা পৰিত্ৰাণ বিচাৰি আইন তথা অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

উল্লেখ্য যে, কপিকলৰ আক্ৰমণৰ বলি হোৱা দৰ্শনাৰ্থীৰ পৰিচৰ্যাৰ বাবে সাজু কৰি ৰখা হৈছে হাজো FRU। কাৰণ দৈনিক মন্দিৰলৈ অহা লোক সকলৰ ভিতৰত প্ৰায় ১০-১২গৰাকী দৰ্শনাৰ্থী কপিকলৰ আক্ৰমণৰ বলি হবলগীয়া হৈছে।

Also Read: ম'ষ্ট ৱাণ্টেড দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ...

hoygrib madhav mandir Haju