অবতৰত ৰাজনৈতিক ধুমুহা আনিছে হাগ্ৰামা মহিলাৰীয়ে...

অবতৰত ৰাজনৈতিক ধুমুহা আনিছে হাগ্ৰামা মহিলাৰীয়ে...

author-image
Asomiya Pratidin
New Update
অবতৰত ৰাজনৈতিক ধুমুহা আনিছে হাগ্ৰামা মহিলাৰীয়ে...

অবতৰত ৰাজনৈতিক ধুমুহা আনিছে হাগ্ৰামা মহিলাৰীয়ে...

ডিজিটেল ডেস্কঃ শীঘ্ৰেই সলনি হ'ব বি টি আৰৰ ৰাজনীতি ! বিজেপি, আৰ এছ এছৰ আশীৰ্বাদ লৈ পুনৰ বি টি আৰৰ শাসনলৈ অহাৰ পৰিল্পনা বি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে আৰ এছ এছৰ শীৰ্ষ নেতাৰ চৰণ স্পৰ্শ কৰাৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Advertisment

হাগ্ৰামা মহিলাৰী কেন্দ্ৰিক চৰ্চা অব্যাহত থকাৰ মাজতে আজি বি জে পিৰ শীৰ্ষ নেতৃত্বলৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰেৰণ কৰা পত্ৰই পুনৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে। বি পি এফ মুৰব্বীগৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ এন ডি এত বি পি এফক অন্তৰ্ভুক্তিৰ বাবে অনুৰোধ জনোৱাৰ লগতে মুঠ ৪ টা প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নড্ডালৈ প্ৰেৰণ কৰিছে এই পত্ৰ। এই পত্ৰখনৰ জৰিয়তে হাগ্ৰামাই লোকসভাৰ নিৰ্বাচনত বি পি এফে বি জে পিক সহায়ৰ আশ্বাস প্ৰদান কৰিছে। তেওঁ এই নিৰ্বাচনত বি পি এফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ কথা উল্লেখ কৰিছে।

ইফালে অসম বিধানসভাত অনানুষ্ঠানিক মিত্ৰতাত থকা বি পি এফৰ এজন বিধায়ক অসম মন্ত্ৰীসভাত কবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে হাগ্ৰামাই। ৰাজ্যৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰা হাগ্ৰামাৰ শেহতীয়া কাৰ্যকলাপে ইউ পি পি এলৰ বাবে যে সংকট নমাই আনিছে সেয়া নিশ্চিত।

ক্লিক কৰি পঢ়কঃ বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা আৰম্ভ হ'ল জীপ ছাফাৰী...

বি টি আৰ হাগ্ৰামা মহিলাৰী