উৎকট গৰমে দহিছে ৰাজ্যঃ শৰতকালৰ সন্মুখত নাই শীতলতা

ৰ'দৰ প্ৰকোপত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোক।

author-image
Asomiya Pratidin
New Update
উৎকট গৰমে দহিছে ৰাজ্যঃ শৰতকালৰ সন্মুখত নাই শীতলতা

ডিজিটেল ডেস্কঃ উৎকট গৰমে দহিছে ৰাজ্য। প্ৰখৰ ৰ'দে জ্বলাই মাৰিছে দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যবাসীক। ৰ'দৰ প্ৰকোপত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোক। ছেপ্টৰম্বৰ মাহৰ মাজভাগতো ৩৫ৰ পৰা ৩৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পোৱাত গৰমৰ বাবে একপ্ৰকাৰে স্থগিত কৰিছে জনজীৱন।

Advertisment

গুৱাহাটী মহানগৰীতো একেই পৰিস্থিতি। দিনৰ ভাগত মহানগৰীৰ পদপথত দেখা দিয়ে শূন্যতাই। জনশূন্য হৈ পৰে পদপথৰ লগতে উপপথসমূহো। নিজা বাহন নথকাসকলৰ বাবে যেন চৰম দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে। অতি জৰুৰী কামৰ বাবে বাহিৰলৈ ওলোৱাসকলেও হাতত এটা ছাটিলৈহে যাব লগীয়া হোৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। গৰমৰ বাবে মহানগৰীৰ পথৰ দাঁতিত থকা গছবোৰ পৰিণত হৈছে আড্ডাৰ স্থলীলৈ। ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায় ছাঁ বিচাৰি জিৰণি লোৱা লোকক।

সমান্তৰালভাবে মহানগৰীৰ দাঁতিয়ে দাঁতিয়ে এতিয়া সুলভ হৈ পৰিছে কুঁহিয়াৰ, নাৰিকলৰ, নেমু আদিৰ লগতে ভিন্ন ফলৰ ৰসৰ পৰা তৈয়াৰ কৰা শীতল পনীয়ৰ দোকান। ফাষ্ট-ফুডৰ দোকানৰ মেনুতো স্থান পাইছে বিভিন্ন ফলৰ ৰসৰ শীতল পনীয়ই। কণমানি সন্তানটিক বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাই অনা অভিভাৱকজনেও এগিলাচ শীতল পনীয় নযচাকৈ নোৱাৰে অভিভাৱকে। গৰমে এই পৰ্যায় পাইছেগৈ যে কৰ্মৰ খাতিৰত ওলাই আহিও গছৰ তলত ৰিক্সা ৰখাই শুই পৰে কোনোজন। মহানগৰীত পদপথৰ দোকানবোৰো দিনৰ ভাগত বন্ধ হৈ পৰে। ট্ৰেফিকৰ চিগনেলত কেইমিনিট মানৰ বাবে ৰ'ব লগীয়া সময়কণ যেন অসহ্যকৰ হৈ পৰে দুচকীয়া আৰোহীৰ বাবে।

বুধবাৰৰ দিনটোত মহানগৰীত গৰমৰ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ। ইপিনে বৰ্ষাকালক বিদায় দি শৰতকাল আগমন হোৱাৰ সময়তো গৰমৰ এই পৰ্যায়ৰ বাবে ৰাজ্যখনৰ কৃষকে বিপদৰ সন্মুখীন হৈছে। ঠায়ে ঠায়ে পানীৰ নাটনিৰ বাবে খেতিত প্ৰভাৱ পৰাৰ লগতে নৈ-উপনৈৰ মাছবোৰো মৃত্যুমমুখত পৰিছে।

Also Read: অসম আন্দোলনৰ অন্যতম নেতা প্ৰণৱজিৎ চলিহাৰ দেহাৱসান

guwahati