চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদঃ ৰাজপথলৈ ওলাই আহিল হীৰেন গোহাঁই..

চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদঃ ৰাজপথলৈ ওলাই আহিল হীৰেন গোহাঁই..
চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদঃ ৰাজপথলৈ ওলাই আহিল হীৰেন গোহাঁই..

ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিড উদ্যানৰ সন্মুখত আজি চিৰিয়াখানা সুৰক্ষা মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদলৈ সহাৰি জনাই প্ৰতিবাদস্থলীত উপস্থিত হয় বুদ্ধিজিৱী ড০ হীৰেন গোহাঁই, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আদি।

প্ৰতিবাদকাৰীসকলে চিৰিয়াখানাৰ পৰা বিভিন্ন জন্তু আম্বানীয়ে গুজৰাটৰ জামনগৰত নিৰ্মাণ কৰা চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। তেওঁলোকে চিৰিয়াখানাৰ পৰা ইতিমধ্যে প্ৰেৰণ কৰা জীৱ, জন্তুবোৰ পুনৰ ঘূৰাই অনাৰো দাবী উত্থাপন কৰিছে।

উল্লেখ্য যে যোৱা কেইবাটাও দিনত চিৰিয়াখানাৰ পৰা দিনে, নিশাই আম্বানিৰ চিৰিয়াখানালৈ দুস্প্ৰাপ্য ঘোং, গঁড়, ৮ শিঙীয়া হৰিণা, ৯ টা প্ৰজাতিৰ বান্দৰ আদি প্ৰেৰণ কৰিছে। ইফালে চিৰিয়াখানা কৰ্তৃপক্ষৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা লোকসকলক আৰক্ষীয়ে আটক কৰিছে।

কিন্তু প্ৰতিবাদকৰীলৈ সমৰ্থন জনাই চিৰিয়াখানাৰ সন্মুখৰ প্ৰতিবাদস্থলীত উপস্থিত হোৱা হীৰেন গোহাঁইক আৰক্ষীয়ে আটক কৰাৰ পৰা বিৰত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in