২০২২ ৰ বিয়লিত নগঁঞা : গতিশীল সময়ৰ বলুকাত খোজ দিলে এইসকলে...

২০২২ ৰ বিয়লিত নগঁঞা : গতিশীল সময়ৰ বলুকাত খোজ দিলে এইসকলে...
২০২২ ৰ বিয়লিত নগঁঞা : গতিশীল সময়ৰ বলুকাত খোজ দিলে এইসকলে...

ডিজিটেল সংবাদ নগাঁওঃ সময় গতিশীল ৷ গতিশীলতাৰ মাজত পোৱা নোপোৱাৰ মাজেৰেই নগাঁঞ সাজু হৈছে ইংৰাজী বৰ্ষ ২০২২ ক বিদায় দিবলৈ। ইয়াৰ মাজতো ২০২২ বৰ্ষটোত শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি ক্ষেত্ৰসমূহত স্ব প্ৰতিভাৰে উজ্জ্বলি উঠি জিলাবাসীলৈ কেইবাগৰাকী নগঞা কৃৰ্তীমানে যথেষ্ঠ ভাল খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

২০২২ বৰ্ষত নগাঁও জিলাবাসীক গৰ্বিত কৰা কৃৰ্তীমান সকলৰ অন্যতম হ'ল বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামী, বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, বিশিষ্ট সাহিত্যিক ড° নৰেন কলিতা, বিশিষ্ট বিজ্ঞানী ড° ৰুকমি দত্ত ,ড° জগন্নাথ বিশ্বকৰ্মা ,চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱা, খঞ্জন কিশোৰ নাথ,অভিনেত্ৰী-পৰিচালিকা আইমী বৰুৱা,দৌৰবিদ হিমা দাস আদি।

নগাঁও জিলালৈ ২০২২বৰ্ষটোত সাহিত্যৰ ক্ষেত্ৰখনলৈ কেইবাটাও ভাল খবৰ আহে ।নগাঁৱৰ সুসন্তান বিশিষ্ট গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে গল্প সংকলন"ভুল সত্য" ৰ বাবে ২০২২সাহিত্য অকাডেমি বঁটা লাভ কৰে। যি নিঃসন্দেহে নগঞা ৰাইজৰ বাবে ২০২২বৰ্ষৰ সবাতোকৈ ভাল খবৰ।

ঠিক একেদৰে,বৰ্ষটোত আন কেইজনমান নগঞা ক্ৰমে বিশিষ্ট সাহিত্যিক-গৱেষক ড° নৰেন কলিতাই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা, ৰেৱত চন্দ্ৰ মহন্ত জীৱনযোৰা সাধনা বঁটা, বিশিষ্ট সাহিত্যিক-সমালোচক উপেন্দ্ৰ বৰকটকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান "অনুপ্ৰেৰণা"ই আগবঢ়োৱা সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা লাভ কৰে। ই নিশ্চিত ভাৱে জিলাখনৰ সাহিত্য জগত খনৰ বাবে খুবেই ভাল খবৰ আছিল।

জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমে ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা লাভ কৰাটোও আছিল নগাঁৱৰ সাহিত্য জগতৰ বাবে এক ভাল খবৰ। গৱেষনাৰ ক্ষেত্ৰত নগাঁৱৰ জীয়াৰী ড° ৰুকমি দত্তই সুনাম কঢ়িয়াই আনে ৷

ড° দত্তৰ গৱেষণাত প্ৰাণ পোৱা কৰ্মই বিশ্বত সমাদৃত হয় ৷ দত্তই একমিনিটত একলাখ বাৰ ঘূৰিব পৰা মটৰ উদ্ভাবন কৰি চমকৰ সৃষ্টি কৰে ৷ ভূ-ৰসায়ন আৰু জটিল বিজ্ঞানৰ ক্ষেত্ৰত দেখুওৱা অৱদানৰ বাবে আমেৰিকাৰ কেমিকেল ছ’চাইটিয়ে ড° জগন্নাথ বিশ্বকৰ্মাক কেৰিয়াৰ গবেষনা বিজ্ঞানী বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৷ লগতে ধাতু নিষ্কাষণ কৰি নেন’পদাৰ্থ প্ৰস্তুতৰ গবেষণাত মনোনিবেষ কৰিছে ড° বিশ্বকৰ্মাই ৷

সাংস্কৃতিক ক্ষেত্ৰত কেইবাজনেও সন্মানীয় বঁটা-পুৰষ্কাৰৰে নগাঁও জিলাবাসীক গৰ্বিত কৰে । ২০২২বৰ্ষটোত চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত বিশিষ্ট শিল্পী নীলপৱন বৰুৱাৰ জীৱন আৰু শিল্প কৰ্মৰ ওপৰত নিৰ্মান কৰা তথ্যচিত্ৰ 'ব্ৰাছ ষ্ট'ক'ৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।

ছুটি ছবি নিৰ্মাতা-পৰিচালক খঞ্জন কিশোৰ নাথে পৰিচালনা কৰা কাৰ্বি ভাষাৰ ছুটি ছবি "কাচিচিনিথু"ৱে ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছুটি ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ বঢ়মপুৰৰ যুৱক দেৱজিৎ গায়নে বৰ্ষটোত লাভ কৰে শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা।

ইপিনে, অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই তেওঁ পৰিচালনা আৰু অভিনয় কৰা ডিমাছা ভাষাৰ ছবি চেমখৰে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু সন্মান বুলিবলৈ সক্ষম হয়। এই বৰ্ষটোত আন এজন নগঞা বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱা দেশৰ বিভিন্ন প্ৰান্তত সম্বৰ্ধিত হয়।

বিশিষ্ট সংগীতজ্ঞ বেজবৰুৱা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠে।এই বৰ্ষৰ মাৰ্চ মাহত ওড়িষাৰ সংস্কৃত প্ৰসাৰত ব্ৰতী আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠান 'লোকভাষা প্ৰচাৰ সমিতি, ভাৰত'ৰ দ্বাৰা 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান আগবঢ়োৱা হৈছে বেজবৰুৱালৈ।

২০২২বৰ্ষটোত একাধিক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী-কৰ্মশালাত অংশগ্ৰহণ কৰি জিলাবাসীক গৰ্বিত কৰে খ্যাতনামা চিত্ৰশিল্পী সুজিত দাসে।

ক্ৰীড়াৰ দিশত নগাঁওবাসীক গৌৰাম্বিত কৰে হিমা দাসে ৷ বৰ্ষটোত ক্ৰীড়াবিদ গৰাকীয়ে চেন্নাইত অনুষ্ঠিত নেশ্যনেল এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক, কমনৱেলথ গেমচত ৰূপৰ পদক অৰ্জন কৰি গৰ্বিত কৰে নগঞা ৰাইজক।

২০২২ বৰ্ষটোত নগাঁও জিলাবাসীয়ে হেৰুৱাবলগীয়া হয় বিশিষ্ট সাহিত্যিক, সু-চিকিৎসক ডাঃ দিলীপ বৰুৱা, প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ তথা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ কৌস্তভ কাশ্যপ বৰুৱা (পৃথু), সাংবাদিক শিৱ প্ৰসাদ বৰা,বসন্ত কুমাৰ শৰ্মা, বিদ্যুৎ মণি কলিতা, বিশিষ্ট ফটোগ্ৰাফাৰ অসীম কুণ্ডুক, ক্ৰীড়া সাংবাদিক পুতু দাস আদিক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in