বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গেমছ (WPFG) ২০২৯ আয়োজন কৰিব ভাৰতে...

বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গেমছৰ বাবে আতিথ্যৰ অধিকাৰ লাভ কৰিছে গুজৰাটে। খেলসমূহ গুজৰাটৰ আহমেদাবাদ, গান্ধীনগৰ আৰু একতানগৰ (নৰ্মদা) জিলাত অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ শাৰিৰীক শিক্ষা আৰু খেল বিজ্ঞান বিভাগে একাধিক খেলৰ আয়োজন কৰিব।

New Update
WhatsApp Image 2025-06-27 at 2.48.32 PM

ডিজিটেল ডেস্কঃ  ২০৩৬ চনৰ অলিম্পিকৰ লগতে কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ সাজু হোৱা গুজৰাটে ক্ৰীড়া খণ্ডত  আন এক বৃহৎ সফলতা লাভ কৰিছে। গুজৰাটত অনুষ্ঠিত হ’বলৈ গৈ আছে বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গেমছ ২০২৯ (WPFG)।

Advertisment

২৩ সংখ্যক বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গেমছৰ বাবে আতিথ্যৰ অধিকাৰ লাভ কৰিছে গুজৰাটে। এই খেলসমূহ গুজৰাটৰ আহমেদাবাদ, গান্ধীনগৰ আৰু একতানগৰ (নৰ্মদা) জিলাত অনুষ্ঠিত হ’ব। গুজৰাটৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ শাৰিৰীক শিক্ষা আৰু খেল বিজ্ঞান বিভাগে একাধিক খেলৰ আয়োজন কৰিব।

আমেৰিকাৰ বাৰ্মিংহামত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতে ডব্লিউ পি এফ জি ফেডাৰেচনৰ সন্মুখত বিস্তৃত নিবিদা উপস্থাপনৰ অন্তত ঐতিহাসিক ঘোষণাৰ জৰিয়তে উক্ত খেলখন আয়োজন কৰাৰ গৌৰৱ লাভ কৰিছে। খেল আয়োজনৰ প্ৰস্তাৱক লৈ ভাৰত আৰু ভিয়েটনামৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও অৱশেষত ফেডাৰেচনে ভাৰতৰ সপক্ষে ৰায় দিয়ে।

উল্লেখযোগ্য যে, এই অনুষ্ঠানে ভাৰতৰ ক্ৰীড়া সংস্কৃতিক নতুন উচ্চতালৈ লৈ যোৱাই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ খেলুৱৈসকলৰ বাবেও এক বৃহৎ মঞ্চ হিচাপে প্ৰমাণিত হ’ব। এই বিশ্বব্যাপী বিজয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দূৰদৰ্শী নেতৃত্বক প্ৰতিফলিত কৰাৰ লগতে আহমেদাবাদক ভাৰতৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ দিশতো ই এক ডাঙৰ পদক্ষেপ।

বৃহস্পতিবাৰে নিশা গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পটেলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখে যে, এয়া গুজৰাটৰ বাবে গৌৰৱৰ বিষয়। মুখ্যমন্ত্ৰীয়ে ইয়াৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দূৰদৰ্শী নেতৃত্বক প্ৰদান কৰে। তেওঁ কয় যে, এই খেলখন আয়োজন কৰাতো আহমেদাবাদক ভাৰতৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ। ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়েও এই কৃতিত্ব এক্সত প্ৰকাশ কৰিছে।

 

 

গুজৰাট