সমাগত গুজৰাট বিধানসভা নিৰ্বাচন, তুংগত প্ৰচাৰ...

সমাগত গুজৰাট বিধানসভা নিৰ্বাচন, তুংগত প্ৰচাৰ...

ডিজিটেল ডেস্ক : কাষ চাপিছে গুজৰাটৰ বিধানসভা নিৰ্বাচন । ইয়াৰ সৈতেই বৃদ্ধি পাইছে নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰত্যেকটো দলৰ প্ৰচাৰ । মূল যুজঁত অৱতীৰ্ণ হ'ব লগীয়া তিনি মহাৰথী ক্ৰমে বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ বেনাৰ, ফ্লেগে আৱৰি ধৰিছে সমগ্ৰ ৰাজ্যখনকেই । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ২৮ নৱেম্বৰ, সোমবাৰে ভাগ ল'ব ৩ খনকৈ শোভাযাত্ৰাত । তেনেস্থলত সহজেই অনূমেয় গুজৰাট নিৰ্বাচনৰ গুৰুত্ব ।

১৮২ খন আসনেৰে দেশৰ অন্যতম বিধানসভা নিৰ্বাচন হোৱাৰ পথত গুজৰাট । ইয়াৰ ওপৰিও ভাৰতীয় জাতীয় কংগ্ৰেছৰ শেহতীয়া 'ভাৰত জোড়ো যাত্ৰা'ত অংশগ্ৰহণ কৰা দেশৰ বৃহৎ সংখ্যক নাগৰিকে অংশগ্ৰহণ কৰাৰ পাছতেই বিজেপিৰ বাবে এক আশংকা হৈ পৰিছে কংগ্ৰেছৰ উত্থান । ইয়াৰ ওপৰিও দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ দিল্লী আৰ্হিৰ শিক্ষা ব্যৱস্থাৰ প্ৰচাৰেও চিন্তিত কৰি তুলিছে বিজেপিক ।

কেৱল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই নহয় বৰং কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰিব এই নিৰ্বাচনী প্ৰচাৰত । আনহাতে বিৰোধী দল কংগ্ৰেছ আৰু আপৰ নেতা ৰাহুল গান্ধী আৰু অৰৱিন্দ কেজৰিৱালেও নিজ নিজ দলীয় নেতা সকলৰ সৈতে অংশ ল'ব নিৰ্বাচনী প্ৰচাৰত ।

উল্লেখ্য যে, গুজৰাটৰ নিৰ্বাচন দুটা ভাগত বিভক্ত হৈ ১ আৰু ৫ ডিছেম্বৰত অনুষ্ঠিত হ'ব আৰু ৮ ডিছেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ভোট গণনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in