মহানগৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত গুৱাহাটী কলেজৰ এজন ছাত্ৰ...

হাতীগাঁও মন্দিৰৰ সমীপতে সংঘটিত হয় এক ভংকৰ পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত গুৱাহাটী কলেজৰ এজন ছাত্ৰ...

guwahati

ডিজিটেল ডেস্ক : মন্দিৰৰ সমীপতে সংঘটিত হয় এক ভংকৰ পথ দুৰ্ঘটনা। স্কুটী আৰু পানী কঢ়িওৱা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহীজন। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS01FF1667 আৰু পানী কঢ়িওৱা বাহনখনৰ নম্বৰ AS01LC 8326।

Advertisment

উল্লেখ্য যে স্কুটী আৰোহীজন লখৰাৰ বিশ্বজিত সিনহা বুলি জানিব পৰা গৈছে। গুৱাহাটী কলেজৰ ছাত্ৰ আছিল ১৭ বছৰীয়া বিশ্বজিত। জানিব পৰা মতে হাতীগাঁৱৰ দিশৰ পৰা ৰাজধানী মছজিদ দিশে গৈ আছিল স্কুটী আৰোহী বিশ্বজিত। তাৰ বিপৰীত দিশৰ পৰা আহি আছিল পানী কঢ়িওৱা মেজিক ভেন খন।

উল্লেখ্য যে পুৱাৰ ভাগত পথৰ দাঁতিত থকা নলাৰ কাম কৰি থকাৰ বাবে পথৰ এটা দিশ বন্ধ কৰি বাহনসমূহ একেটা পথত চলাচল কৰিব লগা হোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ বুলি অনুমান কৰিছে ৰাইজে।

আৰু পঢ়ক : চিত্ৰশিল্পী জ্যোতিন্দ্ৰ মহাশংকৰ ভট্টৰ পৰা ফটোগ্ৰাফাৰ পদ্মশ্ৰী জ্যোতি ভট্টলৈ...

assam accident hatigaon guwahati