স্থান সলনি হ'ব ৰাজভৱনৰঃ ৪১ কোটি ৩২ লাখৰো অধিক ধন ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰিব 'ৰাজ নিবাস'

স্থান সলনি হ'ব ৰাজভৱনৰঃ ৪১ কোটি ৩২ লাখৰো অধিক ধন ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰিব 'ৰাজ নিবাস'
স্থান সলনি হ'ব ৰাজভৱনৰঃ ৪১ কোটি ৩২ লাখৰো অধিক ধন ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰিব 'ৰাজ নিবাস'

ডিজিটেল ডেস্কঃ স্থান সলনি হ'ব ৰাজভৱনৰ। খাৰঘুলিত নতুনকৈ নিৰ্মাণ কৰা হ'ব ৰাজ্যপালৰ বাবে 'ৰাজ নিবাস'। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খাৰঘুলিত ৰাজ্যপালৰ বাবে এই নতুন ভৱনৰ শিলান্যাস কৰিব।

নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই ৰাজ নিবাসৰ নিৰ্মাণ কাৰ্যৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৩৬ মাহ। আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব মুঠ ৪১ কোটি ৩২ লাখ ৫১ হাজাৰ টকা।

জানিব পৰা মতে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই ৰাজ নিবাসে সামৰি ল'ব ৯৬৩১ বৰ্গমিটাৰ এলেকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল জগদীশ মুখী আৰু অন্যান্য মন্ত্ৰীৰ উপস্থিতিত আজি শিলান্যাসৰ লগতে ভূমি পূজনো সম্পন্ন হ'ব।

নতুনকৈ অত্যাধুনিক সা-সুবিধা আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মাণ কৰিবলৈ লোৱা এই ৰাজ নিবাসৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যপালৰ চৰকাৰী বাসভৱন ৰাজভৱনৰ পৰা ৰাজ নিবাসলৈ স্থানান্তৰ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in