/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5075eb3f-e397-4d53-be1a-565edc17a210/mukhi_sir.jpg)
ৰাজ্যপাল জগদীশ মুখীৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বি টি আৰ চৰকাৰৰ দুবছৰীয়া বৰ্ষপুতি উপলক্ষে মঙলবাৰে বিয়লি কোকৰাঝাৰত উপস্থিত হৈ বৰ্ষপুৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত ৰাজ্যপাল জগদীশ মুখী নিশাটো কোকৰাঝাৰতে বাহৰ পাতে ।
বুধবাৰে ৰাতিপুৱা ৰাজ্যপাল জগদীশ মুখী কোকৰাঝাৰ চহৰৰ বালাজানস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চি আই টি আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে ৷ ৰাতিপুৱা প্ৰায় দহ বজাত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰথমে কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চি আই টি পৰিদৰ্শন কৰাৰ পিছত বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে ।
ইয়াৰ পিছতে ৰাজ্যপাল মুখীয়ে বালাজান তিনিআলিৰ নিকটৰ হালধিবাৰীত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষক কোবাৰ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে টিচু কালচাৰ লেবৰ'টৰী উদ্বোধন কৰে ।
ইপিনে চি আই টি আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শনৰ সময়ত দুয়োঠাইতে ৰাজ্যপাল জগদীশ মুখীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সতে বৈঠকত মিলিত হয় । বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপাচাৰ্য ,অধ্যাপক আৰু ফেকাল্টিৰ সতে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল ৰুদ্ধধাৰ বৈঠকত মিলিত হয় ৷ সংবাদমাধ্যমৰ আগত ৰাজ্যপাল জগদীশ মুখীয়ে দুয়োখন প্ৰতিষ্ঠানৰ উচ্চ প্ৰশংসা কৰে ।
চি আই টি সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে কয় যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে চি আই টি ভাল সুবিধা আৰু ইয়াৰ পৰাই ভাল অভিযন্তা ওলাব পাৰে । ছাত্ৰ ছাত্ৰীসকল যাতে চাকৰিজীৱি নহৈ সংস্থাপন সৃষ্টিকাৰী হৈ অঞ্চলটোলৈ উন্নয়ন আনিব পাৰে তাৰ প্ৰতিহে নজৰ দিয়া উচিত বুলি মন্তব্য কৰে ।
ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়কো উচ্চ প্ৰশংসিত কৰি আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন দাবীক নস্যাৎ কৰে । সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অভিযোগক একআষাৰে নস্যাৎ কৰি কয় যে ছাত্ৰ অৱস্থাত আমিও একে দাবীকে কৰিছিলো যিহেতু সেইসময়ত আমিও পৰিপক্ক নাছিলো । ছাত্ৰ ছাত্ৰীসকলে যিহেতু পৰীক্ষাৰ্থী সেয়েহে পৰীক্ষাত চিলেবাচ বহিৰ্ভূত পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন আহিছে আদিকে ধৰি আন বিষয়ৰ ওপৰত অভিযোগ দিয়েই বুলি মন্তব্য কৰি বিশ্ববিদ্যালয়ৰ এখনৰ সফলতাৰ মাপকাঠি গৱেষণামুলক কাৰ্য আৰু শৈক্ষিক কাৰ্যৰ পৰাহে নিৰ্ধাৰণ কৰা হয় ।
বিগত চাৰিটা বছৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ে ১০ গুণতকৈ অধিক গৱেষণামুলক কাৰ্য সম্পাদন কৰিছে আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ৫৫ খন স্বীকৃতিপ্ৰাপ্ত কলেজ আছে বুলি মন্তব্য কৰিছে । অনাগত চাৰিবছৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাবে মূল্যাৱান সময় বুলি মন্তব্য কৰি বড়োলেণ্ড বিশ্ববিদ্যালক উচ্চ প্ৰশংসা কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে ।