কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত গ্ৰন্থ অনুৰাগীৰ ভিৰঃ তৰ্ক প্ৰতিযোগিতা সম্পন্ন, পীযুষ হাজৰিকাৰ অংশগ্ৰহণ...

কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত গ্ৰন্থ অনুৰাগীৰ ভিৰঃ তৰ্ক প্ৰতিযোগিতা সম্পন্ন, পীযুষ হাজৰিকাৰ অংশগ্ৰহণ...
কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত গ্ৰন্থ অনুৰাগীৰ ভিৰঃ তৰ্ক প্ৰতিযোগিতা সম্পন্ন, পীযুষ হাজৰিকাৰ অংশগ্ৰহণ...

ডিজিটেল সংবাদ কয়াকুছিঃ যোৱা কেইবাদিনৰ দৰে আজিও লোকে লোকাৰণ্য হৈ পৰে যোৱা ১৬ ডিচেম্বৰৰ পৰা কয়াকুছিৰ শংকৰ -আজান সমন্বয় ক্ষেত্ৰত চলি থকা সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা । আজি সন্ধিয়া অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ কয়াকুছি গ্ৰন্থ মেলাত ৰাইজক সম্বোধন কৰি দিয়া ভাষণত কয় যে, অধ্যয়ন কৰিলে জ্ঞান বৃদ্ধি হয়। জ্ঞান বৃদ্ধিৰ বাবে গ্ৰন্থ মেলাৰ প্ৰয়োজনীয়তা আছে।

তেওঁ কয়, গ্ৰন্থ মেলাৰ জড়িয়তে কয়াকুছিত গ্ৰন্থ বিপ্লৱৰ সূচনা হৈছে বিভিন্ন ঠাইত, এই তালিকাত কয়াকুছিৰ নাম সংযোজিত হৈছে । এনেদৰে চমু ভাষণত কয় মন্ত্ৰীগৰাকীয়ে।আজি মন্ত্ৰীগৰাকীক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য উদ্যোক্তাসকলৰ লগতে আদৰ্শ বিদ্যালয়, পাকা বেতবাৰী,কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়, কয়াকুছি -কুৰিহা উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰি শিৱ মন্দিৰ সমিতি,সপ্না মহিলা সমিতি, উৰ্মি মালা সমিতি, কয়াকুছি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, পূব বেতবাৰী সমবায় সমিতি, পশ্চিম বেতবাৰী সমবায় সমিতি,কয়াকুছি কাৰবাড়ী সংঘ, দিকজ্যোতি কোচিং ইনষ্টিটিউশ্যন, মৰিছা মিলিজুলি ক্লাব, কয়াকুছি লায়ঞ্চ ক্লাব, বেতবাৰী জিলা পৰিষদৰ সদস্যা মমতাজ বেগম, পাকা বেতবাৰী জিলা পৰিষদৰ সদস্যা আতিফা আখতাৰ, কয়াকুছি ধাৰা শিল্প,পূব বেতবাৰী সমবায়ৰ সূলভ মূল্যৰ দোকানী সন্থা,পাকা বেতবাৰী এন আৰ এল এমৰ বেংক মিত্ৰ আদিৰ লগতে বিভিন্ন পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে সম্বৰ্ধনা জনায়।

আজি পুৱা ১০ বজাত মৰহম সামেজ উদ্দিন সোঁৱৰণী স্মৃতি পৰীক্ষা প্ৰতিযোগিতাৰ জড়িয়তে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। এই প্ৰতিযোগিতাত কয়াকুছি আদৰ্শ জাতীয় বিদ্যালয়ৰ জায়েদ হুছেইনে প্ৰথম, জীৱন -জ্যোতি জাতীয় বিদ্যালয়ৰ মাফোজা আহমেদে দ্বিতীয় আৰু কয়াকুছিৰ জীৱন -জ্যোতি জাতীয় বিদ্যালয়ৰ মাইদুল ইছলামে তৃতীয় স্থান দখল কৰে।

এই প্ৰতিযোগিতাখন উদ্বোধন কৰে পাকা বেতবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰজিতা হাজৰিকাই। দুপৰীয়া মৰহুম বুলবুল ইছলাম আৰু মৰহুমা মাফুজা আফ্ৰোজ তালুকদাৰ স্বপ্না সোঁৱৰণী সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

এই প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে দাতিৰবড়ী কৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰ হুছেইনে। তৰ্ক প্ৰতিযোগিতাৰ সঞ্চালক হিচাপে থাকে মধ্য কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক সঞ্জীৱ কুমাৰ শৰ্মা।

তৰ্ক প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে আমাৰ অসম কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক গৌতম শৰ্মা আৰু ঘোষিকা মীনাক্ষী দেৱী। ১১ বজাত সদনৰ মতে-'নতুন শিক্ষানীতি আমাৰ দেশৰ শিক্ষা ব্যৱস্থাক আন্তৰ্জাতিক পৰ্যায়লৈ উন্নীত কৰাত সহায়ক হ'ব' শীৰ্ষক আলোচনা চক্ৰত প্ৰথম পুৰস্কাৰ লাভ কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজ দাসে, দ্বিতীয় পুৰষ্কাৰ লাভ কৰে গুৱাহাটী অঞ্জুমান ভৰদ্বাজ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বৰপেটাৰ এম চি কলেজৰ সঞ্জিবুল ইছলামে।

আনহাতে বিচাৰকৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত হয় ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৰ্ণৱজ্যোতি তালুকদাৰ, মুছলেম উদ্দিন চৌধুৰী আৰু জয়নাল আবেদিন। আবেলি ২ বজাত মৰহুম জাবেদ আলী সোঁৱৰণী জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।

এই প্ৰতিযোগিতাখন উদ্বোধন কৰে ভৱানীপুৰ অঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰাজু কুমাৰ দাসে। এই তৰ্ক প্ৰতিযোগিতাত নায়েবুল ইছলামে প্ৰথম, মুছলেম উদ্দিন চৌধুৰীয়ে দ্বিতীয় আৰু জয়নাল আবেদিনে তৃতীয় স্থান দখল কৰে। আনহাতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে মুজিবুল ইছলামে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in