১৫ কোটি টকাত চৰকাৰে অধিগ্ৰহণ কৰিলে 'হাৱাখানা'

১৫ কোটি টকাত চৰকাৰে অধিগ্ৰহণ কৰিলে 'হাৱাখানা'
১৫ কোটি টকাত চৰকাৰে অধিগ্ৰহণ কৰিলে 'হাৱাখানা'

ডিজিটেল সংবাদ ধুবুৰীঃ আজি ধুবুৰীৰ গৌৰীপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এদিনিয়া ভ্ৰমণ কাৰ্যসূচীৰে জিলাখনৰ গৌৰীপুৰত এক অনুষ্ঠানত উপস্থিত হয়। দুপৰীয়া প্ৰায় ১.৩০ বজাত মুখ্যমন্ত্ৰীয়ে মাটিয়াবাগৰ ঐতিহাসিক ৰজাদিনীয়া হাৱামহল সংৰক্ষণৰ লক্ষ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগলৈ আনুষ্ঠানিক ভাৱে হস্তান্তৰ কাৰ্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে এই হস্তান্তৰ প্ৰক্ৰিয়াৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰ হাতত ১৫ কোটি টকাৰ চেক প্ৰদান কৰে।

উল্লেখ্য যে, নৱবৰ্ষত অসমবাসীলৈ এয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক অনন্য উপহাৰ৷ গৌৰীপুৰৰ নিকটৱৰ্তী মাটিয়াবাগৰ হাৱাখানা আজি আনুষ্ঠানিক ভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি ভূমি পূজন সম্পন্ন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

গদাধৰ নৈৰ পাৰত আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত এটা টিলাৰ ওপৰত অৱস্থিত প্ৰাসাদটো হাৱাখানা নামেৰে পৰিচিত ৷ পানবাৰীৰ পৰা ৰাজপাট গৌৰীপুৰলৈ স্থানান্তৰ হোৱাৰ পিছত জমিদাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ দিনত অৱসৰ বিনোদনৰ স্থান হিচাপে ইয়াক নিৰ্মাণ কৰা হৈছিল৷

১৯০৪ চনত হাৱাখানাৰ নিৰ্মাণ আৰম্ভ কৰা হয় আৰু ১৯১৪ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়৷ হাৱাখানাটোত শোৱনি কোঠা, স্নানাগাৰকে ধৰি মুঠ ২৪ টা কোঠালি আছে৷ কাষেৰে বৈ যোৱা গদাধৰ নৈৰ সৌন্দৰ্য আৰু প্ৰাসাদটোৰ কাৰুকাৰ্যই স্বাভাৱিকতে ৰাইজক আকৰ্ষণ কৰে৷

ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবাদপ্ৰতীম ব্যক্তি প্ৰমথেশ চন্দ্ৰ বৰুৱাই এই প্ৰাসাদতে তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল৷ এই হাৱাখানাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা পত্নী প্ৰিয়ম্বদা পেটেলৰ সৈতে 'মাহুত বন্ধুৰে' চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ সময়ত ডেৰ মাহ কাল আছিল৷

ইয়াৰোপৰি প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ 'মুক্তি', উত্তম কুমাৰৰ 'বিচাৰক', টম অল্টাৰ আৰু মুনমুন সেন অভিনীত 'গজমুক্তা' আদি বহু চিনেমাৰ দৃশ্যগ্ৰহণ এই শতিকা প্ৰাচীন ৰাজকীয় প্ৰাসাদটোত হৈছিল৷ অসমবাসীৰ আদৰৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে কলিকতাত জন্ম গ্ৰহণ কৰিলেও এই প্ৰাসাদতে কটাইছিল জীৱনৰ সৰহ সময়৷

ইয়াতেই চৰ্চা কৰিছিল গোৱালপৰীয়া লোকগীতৰ৷ দিনে খসিয়া পৰিবে ৰঙিলা দালানে মাটি গোসাই জী কোন ৰঙেৰ দৰে এই হাৱাখানাটোৰ অৱস্থা ক্ৰমাত জৰাজীণ হৈ পৰিছে।প্ৰতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজী আৰু স্মৃতি বিজড়িত সামগ্ৰীৰ সংগ্ৰহালয় বাবে আজিৰ পৰা এই ঘৰটো অসম চৰকাৰৰ সম্পত্তিত ৰূপান্তৰিত হয়৷

চৰকাৰে ইয়াত গঢ়ি তুলিব এক সংগ্ৰহালয়। আজিৰ এই আনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংস্কৃতিক বিভাগৰ সচিব মিনাক্ষী নাথ দাস, শংকৰদেৱ কলা ক্ষেত্ৰৰ সচিব সুৰ্দশন ঠাকুৰ, জিলা উপায়ুক্ত দিৱাকৰ নাথ উপস্থিত থাকে ।

প্ৰতিমা বৰুৱা পাণ্ডেৰ ভাতৃ প্ৰবীৰ বৰুৱাই সোঁৱৰাই দিয়ে হাৱামহলৰ কথা। প্ৰতিমা বৰুৱা পাণ্ডেৰ স্বামী গংগাধৰ পাণ্ডেই অতিত স্মৃতি ৰোমন্থন কৰে। ঐতিহ্যমণ্ডিত স্থান আৰু সামগ্ৰী সংৰক্ষণ কৰাৰ লগতে ৰাজনৈতিক চিন্তাৰ পৰা মুক্ত হৈ জাতীয় জীৱনৰ কথা ভাৱি জাতি ধৰ্ম নিৰ্বিশেষে আগুৱাই যোৱাৰ আহ্বান জনায়।

এবছৰৰ ভিতৰত সংৰক্ষণৰ কাম সম্পন্ন কৰাৰ বাৰে সাংস্কৃতি বিভাগৰ মন্ত্ৰী বিমল বৰাক দায়িত্ব অৰ্পন কৰা হৈছে। শংকৰদেৱ কলা ক্ষেত্ৰৰ অধীনত গৌৰীপুৰৰ হাৱাখানাটোৰ সংৰক্ষণৰ কাম কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। পিছলৈ চাৰিসীমাৰ দেৱালৰ ভূমি পূজন সম্পন্ন কৰি সাংবাদিকৰ লগত সাক্ষাৎকাৰত মিলিত হৈ পুনৰায় গুৱাহাটিলৈ উভতি যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in