Advertisment

হাটশিঙিমাৰীত গোপীনাথ বৰদলৈ ট্ৰফীৰ শুভাৰম্ভ...

শুভাৰম্ভ অনুষ্ঠানত জিলা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰভ দাস মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা আৰক্ষী অধীক্ষক হৰেন টকবী বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আজিৰে পৰা ৭০ সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ শুভাৰম্ভ কৰা হয়। অহা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া জিলা ভিত্তিক প্ৰতিযোগিতাত জিলাখনৰ মুঠ ৮ টাকৈ ফুটবল ক্লাবৰ মাজত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হ’ব ।

Advertisment

জিলাখনত প্ৰথমবাৰৰ বাবে আয়োজিত কৰা হৈছে গোপানীথ বৰদলৈ ট্ৰফী। শুভাৰম্ভ অনুষ্ঠানত জিলা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰভ দাস মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা আৰক্ষী অধীক্ষক হৰেন টকবী বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। জিলা ভিত্তিক খেলত বাচনি হোৱা ১৭ জনীয়া খেলুৱৈৰ দলে অসম ভিত্তিক চক্ৰ পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিব।
 
উল্লেখযোগ্য যে ৰাজ্যিক পৰ্যায়ত ভাল প্ৰদৰ্শন কৰা ১৯ অনুৰ্ধৰ খেলুৱৈ সকলক স্পেইনত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি গোপীনাথ বৰদলৈ ট্ৰফীৰ আয়োজক সমিতিৰ সভাপতি ৰফিকুল ইছলামে সংবাদ মাধ্যমক অৱগত কৰে ।

হাটশিঙিমাৰী