
ডিজিটেল ডেস্ক : ক্ৰমান্বয়ে যেন সকলো দিশৰ পৰাই সমস্যাই জুৰলা কৰি আনিছে ৰাজ্যখনক । চুবুৰাীয়া ৰাজ্য কেইখনৰ সৈতে সংঘটিত সীমা বিবাদে ৰূপ লৈছে গুৰুতৰ । এই সীমা বিবাদৰ ফলস্বৰূপেই অসমে হেৰুৱাব লগীয়াও হৈছে ইতিমধ্যে নিৰ্ধাৰিত ভূমিও । কিন্তু যেন কাণ সাৰ নাই প্ৰশাসনৰ । শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হ'ল ধেমাজিত । দীৰ্ঘ দিনীয়া সীমা বিবাদে স্থান লাভ কৰি অহা ধেমাজিৰ কেমি-ঐৰামঘাট অঞ্চলৰ কিছু অংশ গুগল মেপত দেখা গ'ল অৰুণাচলৰ সীমাৰ ভিতৰত । যাৰ বাবে এতিয়া আতংকত ভূগিছে স্থানীয় লোক সকলে আৰু শীঘ্ৰেই সমগ্ৰ ঘটনাটিত প্ৰশাসনৰ হস্তক্ষেপ বিছাৰি অনুৰোধ কৰে ।
উল্লেখ্য যে, সীমান্তৰ বিবাদৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত কমিটিয়ে শেহতীয়াকৈ পৰিদৰ্শন কৰিছিল কেমি-ঐৰামঘাট অঞ্চল । আৰু তেতিয়াই পৰিলক্ষিত হয় গুগল মেপৰ এই গুৰুতৰ ভুল । অসম-অৰুণাচল সীমান্তৰ গুগল মেপত উল্লেখ থকা সীমাই ৰাক্সিন চকীৰ সমীপৱৰ্তী অঞ্চলত প্ৰায় ২০০-৩০০ মিটাৰ অঞ্চল অসমৰ দিশে আগুৱাই দেখুৱাৰ ফলত অতিৰিক্ত এলেকা খিনি অৰুণাচল সীমান্তৰ অন্তৰ্গত হৈ পৰিছে গুগলত ।
এই সন্দৰ্ভত, এগৰাকী স্থানীয় ব্যক্তিয়ে সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য প্ৰদান কৰা অনুসৰি, কেমি-ঐৰামঘাট অঞ্চল হৈছে অসমৰ এক গুৰুত্বপূৰ্ণ অঞ্চল । কিন্তু দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠাৰ সময়ৰে পৰাই অৰুণাচলী লোক সকলে বিভিন্ন সময়ত স্থানীয় অসমীয়া লোক সকলৰ ওপৰত অত্যাচাৰ চলাই আহিছে ।
স্মৰ্তব্য যে, কেমি, ঐৰামঘাট, ঐয়ান-জেলন আৰু লেটেকু অঞ্চলৰ বাসিন্দা সকলে শেহতীয়া সীমা বিবাদৰ বাবে আশংকাত দিন কটাব লগীয়া হৈছে এতিয়া ।
আৰু পঢ়ক : গাহৰি নাখাব! ঢকুৱাখনাত প্ৰশাসনৰ বাধা...