গাহৰি নাখাব! ঢকুৱাখনাত প্ৰশাসনৰ বাধা...

ঢকুৱাখনা মহকুমাৰ একাংশ গ্ৰামাঞ্চলত পোহনীয়া গাহৰিৰ দেহত "ছোৱাইন ফ্লু"ৰ বীজাণু ধৰা পৰিছে ।

author-image
Asomiya Pratidin
New Update
গাহৰি নাখাব! ঢকুৱাখনাত প্ৰশাসনৰ বাধা...

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ একাংশ গ্ৰামাঞ্চলত পোহনীয়া গাহৰিৰ দেহত  "ছোৱাইন ফ্লু"ৰ  বীজাণু ধৰা পৰিছে । প্ৰধানকৈ ঢকুৱাখনা মহকুমাৰ বাঁহপৰা গাঁৱত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ ৯ টা গাহৰিৰ মৃত্যু ঘটাৰ তথ্য সদৰী কৰিছে মহকুমা প্ৰশাসনে ।

Advertisment

তাৰোপৰি  অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক পোহনীয়া গাহৰিৰ দেহত "আফ্ৰিকান ছোৱাইন ফ্লু"ৰ লক্ষণে দেখা দিয়াত আতংকৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত যাতে এই ৰোগে ভয়ংকৰ ভাৱে মহকুমাটো চানি ধৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ঢকুৱাখনা মহকুমা প্ৰশাসনে কেতবোৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। 

মহকুমাধিপতি তথা মহকুমা কাৰ্যবাহী দণ্ডাধীশ অৰিন্দম বৰুৱাই  ভয়ংকৰ বীজাণু সংক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত যোৱা ৯ ডিচেম্বৰত ডি এম জে/ ২০১৭ নম্বৰত জাৰি  কৰে নিষেধাজ্ঞা। সেই অনুসৰি  আক্ৰান্ত গাহৰি থকা আৰু চোৱাচিতা কৰা স্থানৰ পৰা যিকোনো গাহৰি আৰু ব্যৱহৃত যন্ত্ৰপাতি সৰবৰাহ কৰা,  মহকুমাটোৰ সৰ্বত্ৰতে কাঠ ফুলাৰ দৰে গঢ়ি উঠা গাহৰি মাংস বিক্ৰী  কৰা কেন্দ্ৰত গাহৰি মাংস  কটা আৰু বিতৰণ কৰা, গাহৰি মাংসৰ বিক্ৰী দোকান আৰু গাহৰিৰ সামগ্ৰী থকা প্ৰতিষ্ঠান খোলা আৰু  যিকোনো মুক্ত অঞ্চল , কৃষি ভূমি , নদী ,জলাশয় আৰু ৰাজহুৱা স্থানত আদিত  ৰোগাক্ৰান্ত মৃত গাহৰিৰ  পেলোৱা নিষিদ্ধ । তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখ্য যে মহকুমাটোৰ বিভিন্ন গ্ৰামাঞ্চলত এই মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাত পালক সকল চিন্তিত হৈ পৰিছে । জনামতে "ৰুৰৱান" আঁচনিৰ অধীনত পালক সকলক যোগান ধৰা গাহৰি পোৱালীৰ পৰা এই সংক্ৰমক জ্বৰ হোৱা বুলি পশু পালন ও চিকিৎসা বিভাগৰ পৰা জানিব পৰা গৈছে।

আৰু পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ অভিলেখ ভংগ কৰি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে...

assam dhakuakhana swine flu