দায়িত্বহীনতা ! বাসুগাঁৱৰ গুদামতে পচিল ৩০০ কুইণ্টল চাউল...

দায়িত্বহীনতা ! বাসুগাঁৱৰ গুদামতে পচিল  ৩০০ কুইণ্টল চাউল...
দায়িত্বহীনতা ! বাসুগাঁৱৰ গুদামতে পচিল ৩০০ কুইণ্টল চাউল...

ডিজিটেল সংবাদ চিৰাং: এফালে যদি দুখীয়া দৰিদ্ৰ লোকসকলে নিজৰ পৰিয়াল পোহপাল দিবলৈ এমুঠি চাউলৰ বাবে কঠোৰ সংগ্ৰাম কৰিব লগা হৈছে ঠিক একে সময়তে প্ৰশাসনৰ যন্ত্ৰৰ দায়িত্বহীনতাৰ কাৰণে দুখীয়া দৰিদ্ৰ মানুহৰ খাদ্যৰ বাবে যোগান ধৰা বৃহৎ পৰিমাণৰ চাউল গুদামত পচিবলৈ আৰম্ভ কৰিছে । চিৰাং জিলাৰ বাসুগাঁও চহৰস্থিত বাসুগাঁও ট্ৰেডিং কো-অপাৰেটিভ ছ'চাইটিৰ গুদামৰ ভিতৰত এক কুইণ্টল বা দুই কুইণ্টল নহয় মুঠ ৩০০ কুইণ্টল চাউল অৰ্থ্যাৎ ৬০০ বস্তা চাউল যোৱা ২০২১ চনৰ আগষ্ট মাহৰ পৰা পৰি থাকি এতিয়া পচিবলৈ আৰম্ভ কৰিছে ।

এতিয়া প্ৰশ্ন হৈছে কোনে আৰু কি পৰিস্থিতিত এই বৃহৎ পৰিমাণৰ চাউলখিনি উক্ত ছচাইটিৰ গুদামত আনি এনেদৰে মজুত ৰাখি পচিবলৈ এৰি দিলে । শুকুৰবাৰৰ দিনা এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত অসমীয়া প্ৰতিদিনৰ চিৰাঙৰ সাংবাদিক জয়ন্ত দেবনাথে চলোৱা এক অনুসন্ধানত এই তথ্য পোহৰলৈ আহে ।

অসমীয়া প্ৰতিদিনৰ অনুসন্ধানত অহা তথ্য অনুযায়ী ২০২১ চনৰ জুলাই মাহত কোৰোণা মহামাৰীৰ বাবে চলিথকা আংশিক লকডাউনৰ সময়ছোৱাত দুখীয়া দৰিদ্ৰ পৰিয়ালসকলৰ কাৰণে আবন্টন কৰা এই বৃহৎ পৰিমাণৰ চাউল হৰলুকী কৰি এটা চক্ৰই গোপনে মৰাপাটৰ বস্তা সলনি কৰি প্লাষ্টিকৰ বস্তাত ভৰাই ট্ৰাক যোগে চোৰাং বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যে লৈ যোৱাৰ সময়তে চিদলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চিদলী থানাৰ আৰক্ষীয়ে জব্দ কৰিছিল ।

পৰবৰ্তী সময়ত চিদলী থানাৰ আৰক্ষীয়ে এই সন্দৰ্ভত এখন গোচৰ ৰুজু কৰি জব্দ কৰা ৬০০ বস্তা চাউল অৰ্থ্যাৎ ৩০০ কুইণ্টল চোৰাং চাউল চিৰাং জিলা অসামৰিক যোগান বিভাগক হাতত গতাই দিয়ে । জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিজস্ব গুদাম নথকাৰ কাৰণে জব্দ কৰা ৬০০ বস্তা চাউল বাসুগাঁও চহৰৰ দুই নং ৱাৰ্ডৰ বাসুগাঁও ট্ৰেডিং কো-অপাৰেটিভ ছচাইটিৰ গুদামত জমা ৰাখে।

দুৰ্ভাগ্যজনক কথা যে ৬০০ বস্তা চোৰাং চাউল জব্দ কৰি পৰবৰ্তী সময়ত গুদামত মজুত ৰাখিয়েই দায়িত্ব সামৰি প্ৰায় ডেৰ বছৰ অতিবাহিত কৰি দিলে চিদলী থানাৰ আৰক্ষী আৰু জিলা অসামৰিক খাদ্য যোগান বিভাগে । ইপিনে অবৈজ্ঞানিক ভাবে ১৮ মাহ গুদামত মজুত কৰি ৰখাৰ ফলত চাউলখিনিৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰিছে যি এতিয়া মানুহৰ খোৱাৰ অনুপযোগী হৈ পৰিছে ।

চাউলখিনি মজুত থকা গুদামৰ গৰাকী তথা বাসুগাঁও ট্ৰেডিং কো-অপাৰেটিভ ছচাইটিৰ সম্পাদক কালী কিঙ্কৰ সাহাই সদৰি কৰা মতে চিদলী থানাৰ আৰক্ষী আৰু জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লোকে ২০২১ চনৰ ১১ আগষ্টৰ দিনা ৬০০ বস্তা চাউল তেওঁলোকৰ ছচাইটিৰ গুদাম ভাৰাত লৈ মজুত কৰি ৰাখিছিল । কিন্তু চাউল খিনি মজুত ৰখাৰ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো বিভাগীয় কতৃপক্ষ বা আৰক্ষীয়ে কোনো ধৰনৰ খাদ্য খা-খবৰ নকৰাত একপ্ৰকাৰ বাধ্য হৈ চলিত বৰ্ষৰ তিনি আগষ্ট তাৰিখে তেওঁলোকৰ গুদামত বিভাগীয় ভাবে মজুত কৰি ৰখা চাউলখিনিৰ দুৰ্গন্ধ ওলাই আছে আৰু সোনকালেই ইয়াৰ এটা বিধি ব্যৱস্থা কৰিব লাগে বুলি বিভাগীয় কৰ্তৃপক্ষক লিখিত ভাৱে অৱগত কৰিছিল ।

তাৰ পিছতো সংশ্লিষ্ট বিভাগে কিয় এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে এই সন্দৰ্ভত জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ উপ-সঞ্চালক উত্তম নাৰ্জাৰীয়ে কয় যে, ২০২১ চনত যি সময়ত চাউলখিনি জব্দ কৰা হৈছিল সেই সময়ত তেখেত এইখন জিলাৰ দায়িত্বত নাছিল । কিন্তু যেতিয়া বাসুগাঁৱৰ উক্ত ছচাইটিৰ পৰা এক পত্ৰ যোগে উক্ত চাউলখিনিৰ সন্দৰ্ভত অৱগত হয় তাৰ পিছতেই চাউল খিনিৰ গুণাগুণ পৰীক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰে ।

জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিৰ্দেশ লাভ কৰাৰ পিছত নৱেম্বৰ মাহত খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক লিন্টু মণি কলিতাই উক্ত গুদামৰ চাউলৰ নমুনা সংগ্ৰহৰ কৰি লৈ যায় যদিও আজিলৈকে তাৰ কোনো ফলাফল জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লোকে লাভ কৰা নাই বুলি সদৰি কৰে । ইপিনে চিদলী আৰক্ষী থানাৰ পৰা সময় মতে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই সমগ্ৰ প্ৰক্ৰিয়াটো আদালতৰ মজিয়াত পৰি আছে ।

এতিয়া আদালতৰ পৰা কনো আদেশ নোপোৱালৈকে একো কৰিব নোৱাৰিব বুলি জানিবলৈ দিয়ে । এমুঠি চাউলৰ বাবে দুখীয়া দৰিদ্ৰ লোকসকলে হাহাকাৰ কৰি থকাৰ সময়তে প্ৰশ্ন উত্থাপিত হৈছে কাৰ ভুলৰ বাবে এক বা দুই কুইণ্টল নহয় ৩০০ কুইণ্টল চাউল এনেদৰে গুদামত মজুত ৰখা অৱস্থাত পচিলে বা খোৱাৰ অনুপযোগী হ'লে ?

ইয়াৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী উত্থাপন জিলা এ বি এমছুৰ সভাপতি আনোৱাৰ হুছেইনে । কোনো চৰকাৰী বিষয়া বা আৰক্ষীৰ হেমাহিৰ বাবে এক কুইণ্টল বা দুই কুইণ্টল নহয় তিনিশ কুইণ্টল চাউল এটা গুদামত বছৰৰ পিছত বছৰ পৰি থাকি গেলি, পচি নষ্ট হৈ যাব এয়া কেতিয়াও মানি ল'ব নোৱাৰি বুলি মন্তব্য কৰে বিশিষ্ট সমাজকৰ্মী স্বপন দেবনাথ আৰু ইউ পি পি এল দলৰ নেতা হজৰত আলীয়ে লগতে এই সন্দৰ্ভত জিলা উপায়ুক্তৰ পৰা এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in