সমস্যা সমাধানৰ দাবীৰে নগাঁৱত অৱস্থান ধৰ্মঘট...

নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গোমোঠা গাঁও তিনিআলিত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ইউ টাৰ্ণ নিৰ্মণৰ দাবীত স্থানীয় ৰাইজে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
সমস্যা সমাধানৰ দাবীৰে নগাঁৱত অৱস্থান ধৰ্মঘট...

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গোমোঠা গাঁও তিনিআলিত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ইউ টাৰ্ণ নিৰ্মণৰ দাবীত স্থানীয় ৰাইজে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।স্থানীয় কেবাখনো গাঁৱৰ প্ৰায় দুই শতাধিক লোক সমবেত হৈ গোমোঠা গাঁৱৰ ওচৰত উল্লিখিত দাবীৰ সমৰ্থনত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ফলত এই পথেৰে অহা -যোৱা কৰা যান বাহন সমুহ দীৰ্ঘসময়ৰ বাবে যান - জটৰ কবলত পৰে। অবৰোধ কাৰী সকলে অঞ্চলটোত ইউ টাৰ্ণ নিৰ্মাণৰ দাবীত বিভিন্ন শ্লগান দি ৰাজপথ উত্তাল কৰি তোলে। অবৰোধ কাৰী সকল নগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে গোমোঠা গাঁৱত ইউ টাৰ্ণ নথকাৰ বাবে বঢ়মপুৰ অঞ্চলৰ প্ৰায় শতাধিক খন গাঁৱৰ লোকে প্ৰায় ২০ কিলোমিটাৰ অধিক পথ অতিৰিক্ত অতিক্ৰম কৰিব লগীয়া হৈ আহিছে।তদুপৰি ইউ টাৰ্ণ নথকাৰ বাবেই অঞ্চলটোত বহু কেইটা দূৰ্ঘটনা সংঘটিত হৈছে আৰু কেবাজন লোকৰ দূৰ্ঘটনাত প্ৰাণহানি হৈছে।

সেয়ে স্থানীয় ৰাইজে গোমোঠা গাও তিনিআলিত ইউ টাৰ্ণ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে নগাঁও জিলা উপায়ুক্তক বহুবাৰ অনুৰোধ জনাই আহিছে যদিও সংশ্লিষ্ট পক্ষই আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই‌। সেয়ে ক্ষুব্ধ ৰাইজে পথ অৱৰোধ কৰি ইউ টাৰ্ণ নিৰ্মাণৰ দাবী জনায়‌ ৷

শীঘ্ৰেই গোমোঠাগাঁও তিনিআলিত প্ৰশাসনে তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইউ টাৰ্ণ" নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৰাইজে পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজপথ অবৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিয়ে।

আৰু পঢ়ক: দাংধৰা উঃ মাঃ বিদ্যালয়ৰ পাঠদান গৃহ উদ্বোধন এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in