উদ্দেশ্য "পথ বহলীকৰণ": গোলাঘাটত গছ-গছনি কাটি খাস্তাং লোক নিৰ্মাণ বিভাগৰ

জগতচন্দ্ৰ গোস্বামীৰ নামেৰে থকা ঐতিহাসিক পথ গৌৰৱ পথ নামেৰে নামকৰণ কৰিব বিচৰাক লৈ প্ৰতিক্ৰিয়া..

author-image
Asomiya Pratidin
New Update
উদ্দেশ্য "পথ বহলীকৰণ": গোলাঘাটত গছ-গছনি কাটি খাস্তাং লোক নিৰ্মাণ বিভাগৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত উন্নয়ন মানেই যেন প্ৰকৃতিৰ ধ্বংসযজ্ঞ। উন্নয়নৰ নামত এইবাৰ বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ প্ৰকাণ্ড গছবোৰৰ ওপৰত চকু পৰিছে লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণ কৰা ঠিকাদাৰৰ। উন্নয়নৰ নামত বিগত বছৰো গোলাঘাটৰ বহুতো গছ গছনী কাটি খাষ্টাং কৰিছিল। ঘটনাৰ পুনৰাবৃত্তি হৈছে যদিও এইক্ষেত্ৰত নিৰৱতা অৱলম্বন কৰিছে বন বিভাগে।

Advertisment

বুধবাৰে পথ বহলীকৰণৰ নামত গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ বহু মূল্যৱান গছ কটাৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিল বিদ্যালয় খনৰ শিক্ষাৰ্থী সকল। শ্ৰেণী কোঠা এৰি ৰাজপথত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰী সকলক সংগ দিয়ে নগৰখনৰ সচেতন ৰাইজে।

ইফালে স্বাধীনতাৰ পূৰ্বে অৰ্থাৎ ১৯৪৬ চনতে সেইসময়ৰ দণ্ডাধীশ 'জগতচন্দ্ৰ গোস্বামী'ৰ নামত নামকৰণ কৰা ঐতিহাসিক পথটো এতিয়া ‘গৌৰৱ পথ’ নামেৰে নামকৰণ কৰাৰ বাবে পৌৰ সভাই প্ৰস্তুতি চলাইছে বুলি প্ৰচাৰ হোৱাত চহৰৰ নাগৰিক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

  User
User

এইক্ষেত্ৰত পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- এনে কাৰ্য সমাজ জীৱনৰ বাবে অৱদান থকা বিশিষ্ট ব্যক্তি সকলক অপমান কৰাহে হ'ব। কেৱল উন্নয়নৰ স্বাৰ্থতেই এনেদৰে গছ-গছনি কটা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। বৰ্তমানলৈকে গোলাঘাট নগৰত উন্নয়নৰ নামত গছ কটা কাৰ্য বহুত হ’ল। এইক্ষেত্ৰত বিভাগীয় পক্ষই গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনাই গোস্বামীয়ে।

Also Read: তিনি দিনত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণঃ কাশ্মীৰত সন্ত্ৰাসবাদৰ কিৰিলি...

golaghat tree cuts tree