তিনি দিনত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণঃ কাশ্মীৰত সন্ত্ৰাসবাদৰ কিৰিলি...

মঙ্গলবাৰে নিশা নিৰস্ত্ৰ গাওঁবাসীৰ ওপৰত চলালে সন্ত্ৰাসবাদীয়ে আক্ৰমণ

author-image
Asomiya Pratidin
New Update
তিনি দিনত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণঃ কাশ্মীৰত সন্ত্ৰাসবাদৰ কিৰিলি...

কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ (প্ৰতিনিধিত্ব মূলক ফটো)

ডিজিটেল ডেস্কঃ দুদিন পূৰ্বে তীৰ্থ যাত্ৰীৰ ওপৰত চলোৱা আক্ৰমণৰ পাছতে কাশ্মীৰৰ কঠুৱা জিলাৰ হীৰানগৰী গাঁৱত সন্ত্ৰাসবাদীৰ আক্ৰমণে দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি গাওঁখনত গুলীচালনা কৰাৰ পূৰ্বে দুটা সন্ত্ৰাসবাদীয়ে গাওঁখনৰ ঘৰে ঘৰে গৈ পানী খাবলৈ চেষ্টা কৰিছিল। কিন্তু গাওঁবাসীয়ে তেওঁলোকক ঘৰৰ দুৱাৰ খুলি দিয়াৰ পৰা বিৰত আছিল। ইয়াৰ পিছতে বন্দুকধাৰী দুই সন্ত্ৰাসবাদীয়ে এজন বাসিন্দাৰ ঘৰত গুলীচালনাৰ ঘটনা সংঘটিত কৰে।

Advertisment

জন্মু জোনৰ এডিজিপি আনন্দ জৈনে সংবাদ মাধ্যমৰ ঘটনাৰ বিৱৰণ দি কয়, সন্ত্ৰাসবাদী দুটাই গাওঁখনৰ কেইবাটাও বাসগৃহলৈ গৈ পানী বিচাৰিছিল। কিন্তু গাওঁবাসীৰ তেওঁলোকৰ ওপৰত সন্দেহ হোৱাত দুৱাৰ খুলি দিয়াৰ পৰা বিৰত থাকে।

ইফালে সন্ত্ৰাসবাদীৰ এনে মুক্ত বিচৰণৰ কথা গাওঁখনত প্ৰচাৰ হোৱাৰ লগে লগে হুলস্থুলৰো সৃষ্টি হয়। ফলত উগ্ৰপন্থীৰ দলটোৱে ভয় খায় প্ৰথমে শূন্যলৈ নিৰ্বিচাৰ গুলী চালনা কৰে। ইয়াৰ পিছত এজন বাসিন্দাৰ ঘৰত প্ৰৱেশ কৰি গুলীয়াবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে, মঙ্গলবাৰে নিশা কঠুৱা জিলাৰ হীৰানগৰী ছাইদা চুকাল গাঁৱত প্ৰৱেশ কৰিছিল দুই সন্ত্ৰাসবাদী। দুই সন্ত্ৰাসবাদীয়ে গাওঁখনত সৃষ্টি কৰা এই পৰিৱেশৰ পাছতে সেনাই তেওঁলোকক বিচাৰি অভিযান চলাই।

মঙ্গলবাৰে নিশা সেনা-আৰক্ষীৰ যুটীয়া অভিযানত এজন সন্ত্ৰাসবাদী নিহত হৈছে। সেনা-আৰক্ষীৰ যুটীয়া বাহিনীৰে হোৱা এই সংঘৰ্ষৰ সময়ত সন্ত্ৰাসবাদীয়ে গ্ৰেণেডো নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল।

নিশাৰে পৰা আৰম্ভ হোৱা এই তালাচী অভিযান অব্যাহত ৰখাত বুধবাৰে বিয়লি দ্বিতীয়টো সন্ত্ৰাসবাদীও সেনাৰ গুলীত নিহত হৈছে। এই অভিযানত এজন অৰ্ধসামৰিক বাহিনীৰ জোৱানো নিহত হৈছে।

স্মৰ্তব্য যে, গাওঁখনৰ যিটো পৰিয়ালৰ ওপৰত সন্ত্ৰাসবাদী দুটাই গুলী চলাইছিল তেওঁলোকৰ দুজন লোক ক্ৰমে ওমকাৰ নাথ আৰু তেওঁৰ পত্নী আহত হৈছে। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

অৱশ্যে এই ঘটনাত সৌভাগ্যক্ৰমে গাওঁখনৰ কোনো লোকৰ মৃত্যু হোৱা নাই। মন কৰিবলগীয়া যে যোৱা দিন কেইটাত কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীয়ে কেইবাটাও আক্ৰমণ ঘটনা সংঘটিত কৰিছে।

যোৱা তিনিটা দিনত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে ইয়াত। মঙ্গলবাৰে গভীৰ নিশা এটা সেনাৰ শিবিৰতো আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। সীমান্তৰ সুৰক্ষাকৰ্মীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। এই ঘটনাত দুজন সেনা জোৱান আহত হৈছে।

দুদিন পূৰ্বে সন্ত্ৰাসবাদীয়ে জম্মুৰ শিৱখাৰী মন্দিৰৰ পৰা কাটৰাৰ বৈষ্ণো দেৱী মন্দিৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছত আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱায় দ খাৱৈত বাগৰি যায়। ফলত দহজনকৈ তীৰ্থযাত্ৰী নিহত হৈছে।

এই আক্ৰমণৰ তদন্তৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়া। ইয়াৰ পিছতে মঙ্গলবাৰে একে নিশাই দুটা পৃথক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য কৰিছে।

Also Read: শহুৰৰ ৩০০ কোটিৰ সম্পত্তি হস্তগত কৰিবলৈ বোৱাৰীয়েকে নিয়োগ কৰিলে ভাড়াতীয়া হত্যাকাৰী

জন্মু কাশ্মীৰ সন্ত্ৰাসবাদী আক্ৰমণ