গহপুৰত দোকান লুটপাত আনন্দ মেলাৰ শ্ৰমিকৰঃ আটক এজন চোৰ

গহপুৰত দোকান লুটপাত আনন্দ মেলাৰ শ্ৰমিকৰঃ আটক এজন চোৰ

author-image
Asomiya Pratidin
New Update
গহপুৰত দোকান লুটপাত আনন্দ মেলাৰ শ্ৰমিকৰঃ আটক এজন চোৰ

ডিজিটেল সংবাদস,গহপুৰঃ গহপুৰত আনন্দ মেলা চলোৱাৰ নামত সংঘটিত হৈছে ভয়ানক কাণ্ড ৷ বহিঃৰাজ্যৰ পৰা অহা আনন্দ মেলাৰ একাংশ খেল দেখুৱা কৰ্মীয়ে গহপুৰৰ দোকানৰ তলা ভাঙি চলাই লুটপাত।দোকানৰ তলা ভাঙি বয় বস্তু চুৰি কৰাৰ উপৰিও দোকানৰ কেচ বক্সৰ পৰা ১০হাজাৰ টকা নিয়াৰ পিছত আজি CC TV ফুটেজ চোৱাৰ পিছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷

Advertisment

গহপুৰৰ হাইস্কুল খেলপথাৰত চলি থকা ডিজনী লেণ্ড মেলাৰ এজন শ্ৰমিক ঝাৰখণ্ডৰ চাৰফ’ৰজ আনছাৰীয়ে নিশা গহপুৰৰ হস্পিতাল ৰোডৰ বিকি সৰকাৰৰ ষ্টেচনাৰী হ’লচেল দোকানত চুৰি কাৰ্য সংঘটিত কৰে। চাৰফ’ৰজে দোকানৰ তলা ভাঙি বয়বস্তুৰ লগতে টকা লৈ যোৱা সকলো দৃশ্য CC TV ত বন্দী হয়।

দোকানীয়ে সমগ্ৰ দৃশ্য দেখি চোৰটোৰ চেহেৰা ধৰিব পাৰি আনন্দ মেলাৰ পৰা কৰায়ত্ব কৰে। চাৰফ’ৰজক লপাথপা দি আৰক্ষীক চমজাই দিয়ে বিকি সৰকাৰে ৷ ইতিমধ্যে গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুৰিকাণ্ড সংঘটিত কৰা চাৰফ’ৰজ আনছাৰীক ৷ উল্লেখ্য যে অসম সাহিত্য সংগীত কলাকেন্দ্ৰ নামত গহপুৰৰ কেইজনমান ব্যক্তিয়ে এইদৰে বাৰিষাৰ সময়ত মিনাবজাৰ খন আনিছিল গহপুৰলৈ ৷

Also Read: গোলাঘাটত এপিডিচিএলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

gohpur robbery