গোলাঘাটত এপিডিচিএলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গোলাঘাটত এপিডিচিএলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ,গোলাঘাট : অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ সময়তে এপিডিএছএলৰ স্মাৰ্ট মিটাৰে ৰাইজক জলা-কলা দেখুওৱাৰ প্ৰতিবাদত শুকুৰবাৰে গোলাঘাটত সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম। স্মাৰ্ট মিটাৰৰ জৰিয়তে বিল আদায়ৰ নামত লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰি আজি সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যৎ শইকীয়াৰ নেতৃত্বত গোলাঘাটৰ বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ শুনাৰ বিপৰীতে গৈ বিভাগীয় বিষয়াই বাক বিতণ্ডাতহে লিপ্ত হোৱা পৰিলক্ষিত হয়। মনকৰিবলগীয়া কথা যে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এগৰাকী মহিলাই ১৫ শ টকা বিল অহাৰ অভিযোগ দিয়ে। ইয়াৰ পিচতে কাৰ্য্যালয়ৰ বিসঙ্গতি হৈছে বুলি তেওঁৰ বিল ৯৩ টকা কৰি দিয়ে বুলি জনোৱাত প্ৰতিবাদকাৰীসকল জাঙুৰ খাই উঠে‌ ।

পাছত কৃষক নেতা বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত এপিডিএছএল এ স্মাৰ্ট মিটাৰৰ ঠাইত ঘৰে ঘৰে স্মাৰ্ট ডকাইট স্থাপন কৰিছে বুলি অভিযোগ কৰে।

গোলাঘাটত এপিডিচিএলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
গুৱাহাটীৰ-নাহৰলগুণ অভিমুখী ডয়নি প'ল এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in