/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f986ae12-172e-4dab-957d-f07e46958b6e/asomiyapratidin_2022_12_88bd286d_3876_417c_83e6_999ca6285a34_RNB_1.avif)
কোকৰাঝাৰত ম্যাদ উকলি যোৱা চেলাইন দিলে ৰোগীক
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ত কৰ্কট ৰোগীক ম্যাদ উকলা চেলাইন দিয়া ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰী হেল বজাৰৰ নিবাসী গীতা ৰাণী বসুমতাৰী বিগত এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল ।
বিগত দুটা দিন ধৰি ৰোগীগৰাকী অত্যাধিক কাঁহ, বমি আৰু মূৰৰ বিষত আক্ৰান্ত হোৱাত শুকুৰবাৰে ৰোগীগৰাকীক পৰিয়ালৰ লোকে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ সেইমতে চিকিৎসকৰ পৰামৰ্শ নাৰ্ছে ৰোগীগৰাকীক চেলাইন দিয়ে ।
চেলাইন দিয়াৰ পিছত ৰোগীগৰাকীৰ বিষ অধিক হয় আৰু পৰিয়ালৰ লোকে ম্যাদ উকলা ডেক্সট্ৰজ চেলাইন দিয়া প্ৰত্যক্ষ কৰে । লগে লগে বিষয়টো নাৰ্ছক অৱগত কৰোৱাত দায়িত্বত থকা নাৰ্ছে একো নহয়, একো নহয় বুলি মন্তব্য কৰি বিষয়টো থাপিথুপি থোৱাৰ চেষ্টা কৰে ।
পিছত সাংবাদিকৰ দল এটা ঘটনাস্থলীত উপস্থিত হোৱাত হুৱাদুৱা লাগে । ম্যাদ উকলা চেলাইন দিয়াৰ গাফিলতিৰ বিষয়টো স্বাস্থ্য বিভাগৰ দায়িত্বত থকা বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' অৱগত হোৱাৰ পিছতে তৰিৎবেগে চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ চৰমজিন তদন্ত কৰে আৰু সত্য বুলি প্ৰমানিত হয় ।
বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই তাৎক্ষণিকভাৱে কৰ্তব্যত গাফিলতি কৰা বাবে ৱাৰ্ড ইনচাৰ্জ দুলু ব্ৰহ্মক ছমাহৰ বাবে নিলম্বন কৰা হ'ল বুলি ঘোষণা কৰে । সংবাদমাধ্যমৰ আগত চৰকাৰী চিকিৎসালয়ত গাফিলতি সহ্য কৰা নহ'ব বুলি মন্তব্য কৰি বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই চিকিৎসকসকলকো সকিয়নি প্ৰদান কৰিছে ।
চিকিৎসকক নিজকে ভগৱান বুলি ভাৱি নলবলৈ আহ্বান জনাই চৰকাৰী কাম-কাজ , কৰ্তব্য বাদ দি প্ৰাইভেট প্ৰেকটিজ কৰা কাৰ্যও সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে অৰূপ কুমাৰ দে'ই । অতি শীঘ্ৰে দুই তিনিজন চিকিৎসককো নিলম্বন কৰা হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ দে'ই ।
চিকিৎসালয় পৰিদৰ্শন কৰি অৰূপ কুমাৰ দে'ই ৰোগীক দিয়াৰ পূৰ্বে ঔষধ-পাতি ভালদৰে পৰীক্ষা কৰি চাবলৈ নিৰ্দেশ প্ৰদান কৰি সময়মতে ঔষধ ব্যৱহাৰে নকৰিলে ম্যাদ উকলি যাবই বুলি মন্তব্য কৰে । বি টিআৰ চৰকাৰে কোনো কাৰণতে গাফিলতি সহ্য নকৰে বুলি মন্তব্য কৰি পুনৰাই যাতে এনে ঘটনা নঘটে তাৰ প্ৰতি গুৰুত্ব দিয়াৰ আহ্বান জনাইছে ।
ইপিনে ভুক্তভোগী পৰিয়ালটোৱে ৰোগীৰ জীৱন আৰু সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে। চিকিৎসালয়খনৰ চিকিৎসক -নাৰ্ছৰ খামখেয়ালীত হতবাক প্ৰকাশ কৰি ৰোগীৰ ক্ষেত্ৰত এনে গাফিলতি কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে ।
ইয়াৰোপৰি ম্যাদ উকলি যোৱা চেলাইন কৰ্কট ৰোগী গীতা ৰাণী বসুমতাৰীৰ দেহত সুমাই দিয়াৰ সুবিচাৰ বিচাৰি পৰিয়ালৰ লোকে কোকৰাঝাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।
ক্লিক কৰি পঢ়কঃ সাংসদ পদ কৰ্তন হ'ব নৱ কুমাৰ শৰণীয়াৰ !