লোকসভা নিৰ্বাচনৰ বাবে তৃতীয় বিকল্প মৰ্চা গঠনৰ তৎপৰতা,বৈঠকত লুৰীণজ্যোতি গগৈ...

আঞ্চলিক ৰাজনৈতিক দলসমূহক উপেক্ষা কৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত কোনো এটা পক্ষই কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰেঃ লুৰীণজ্যোতি
লুৰীণজ্যোতি গগৈ
লুৰীণজ্যোতি গগৈ

ডিজিটেল সংবাদ, নতুন দিল্লীঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে তৃতীয় বিকল্প মৰ্চা গঠনৰ তৎপৰতা আৰম্ভ হৈছে ৷ প্ৰস্তাৱিত মৰ্চা গঠন হ'লে অসমৰ লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ (অজাপ) দলো তাৰ অন্তৰ্ভূক্ত হ'ব ৷ বুধবাৰে নতুন দিল্লীত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেষ যাদৱৰ সৈতে এক দীঘলীয়া ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই বিষয়ে আলোচনা কৰে ৷

উল্লেখযোগ্য যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতি দলটোয়ে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত দলৰ নাম সলনি কৰি ভাৰতীয় ৰাষ্ট্ৰ সমিতি (বি আৰ এছ) ঘোষণা কৰে ৷ এই উপলক্ষে ৮ শ পুৰোহিতেৰে যজ্ঞ আয়োজন কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আমন্ত্ৰণ কৰি অনা বিভিন্ন বি জে পি বিৰোধী ৰাজনৈতিক নেতৃত্বৰ সৈতে আলোচনা কৰে দলটোৰ সভাপতি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৷

উক্ত আলোচনালানিৰ অংশ হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতে তেওঁ আঢ়ৈ ঘন্টাজোৰা দীঘলীয়া আলোচনাত মিলিত হয় ৷ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেষ যাদৱেও উক্ত আলোচনাত অংশগ্ৰহণ কৰে ৷ জাতীয় পৰিষদৰ যুটীয়া সম্পাদক কাষ্টম বসুমতাৰী উক্ত বৈঠকত উপস্থিত আছিল ৷

বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বি জে পি বিৰোধী বিকল্প মৰ্চা গঠনৰ বিষয়ে আলোচনা কৰা হয় ৷ তেনে মৰ্চা গঠনৰ জৰিয়তে বিজেপিক ক্ষমতাচ্যুত কৰাত আগভাগ লবলৈ ৰাও আৰু সিঙক গগৈয়ে আহ্বান জনায় ৷

উল্লেখযোগ্য যে কে চন্দ্ৰশেখৰ ৰাওৰ দল টি আৰ এছে (বৰ্তমান বি আৰ এছ) কা' বিৰোধী স্থিতি গ্ৰহণ কৰি অসমৰ জাতীয়তাবাদী চেতনাৰ প্ৰতি সমৰ্থন-সহযোগিতা আগবঢ়াইছিল ৷ সেয়ে স্বাভাৱিকতে অসম জাতীয় পৰিষদৰ সৈতে হোৱা উক্ত আলোচনা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

বৈঠকৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ভাৰতবৰ্ষৰ আঞ্চলিক দলসমূহৰ গুৰুত্ব আৰু প্ৰাসংগিতা সদায় আছে আৰু থাকিব ৷ সেয়ে আঞ্চলিক শক্তিসমূহৰ সমন্বয়ৰ প্ৰয়োজন ৷ আজিৰ আলোচনা তেনে এক সমন্বয়ৰ প্ৰয়াস বুলি উল্লেখ কৰি গগৈয়ে কয় যে আঞ্চলিক ৰাজনৈতিক দলসমূহক উপেক্ষা কৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত কোনো এটা পক্ষই কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে ৷ গতিৰে আঞ্চলিক দলসমূহৰ মাজত সমন্বয় স্থাপন কৰাটো এতিয়া সময়ৰ আহ্বান ৷

বৈঠকৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ভাৰতবৰ্ষৰ আঞ্চলিক দলসমূহৰ গুৰুত্ব আৰু প্ৰাসংগিতা সদায় আছে আৰু থাকিব ৷ সেয়ে আঞ্চলিক শক্তিসমূহৰ সমন্বয়ৰ প্ৰয়োজন৷ আজিৰ আলোচনা তেনে এক সমন্বয়ৰ প্ৰয়াস বুলি উল্লেখ কৰি গগৈয়ে কয় যে আঞ্চলিক ৰাজনৈতিক দলসমূহক উপেক্ষা কৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত কোনো এটা পক্ষই কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে ৷ গতিৰে আঞ্চলিক দলসমূহৰ মাজত সমন্বয় স্থাপন কৰাটো এতিয়া সময়ৰ আহ্বান ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in